ক’ভিড-১৯ ৰ দ্বিতীয়টাে ঢৌত পূৰ্বতকৈ অধিক হাৰত সংক্ৰমিত হৈছে শিশু, বহু শিশুৰ প্ৰাণহানি

April 16, 2021 0 By NEWS DESK

নিউজ ডেস্ক। দেশজুৰি ক’ভিড-১৯ৰ দ্বিতীয়টাে ঢৌৰ বাবে এক অভাৱনীয় পৰিস্থিতিয়েই বিৰাজ কৰিছে।

উদ্বেগজনকভাৱে পূৰ্বৰ সকলাে অভিলেখ ভংগ কৰি নিতৌ ২ লক্ষাধিক লােক এই ভাইৰাছৰ সংক্ৰমণত আক্ৰান্ত হৈছে।

ইয়াৰ মাজতে পােহৰলৈ আহিছে আন এক উদ্বেগজনক তথ্য।

কৰোনাৰ এই দ্বিতীয়টাে ঢৌত প্ৰথম ঢৌৰ তুলনাত অধিক হাৰত শিশু তথা বৃদ্ধ সংক্ৰমিত হৈছে।

বিশেষজ্ঞসকলৰ মতে, এইবাৰ কৰোনা স্ট্ৰেইন সলনি হৈছে যাৰ বাবে ই আগতকৈ অধিক সংক্ৰামক হৈ পৰিছে। শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল, সেই কাৰণে অতি সোনকালেই সংক্ৰমণৰ সম্ভাৱনা থাকে বুলি মত প্ৰকাশ কৰিছে চিকিৎসকে।

শেহতীয়াকৈ প্ৰকাশ পােৱা তথ্য অনুসৰি, দেশজুৰি কৰোনাত সংক্ৰমিত শিশুৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে, ইয়াৰ লগতে বৃদ্ধি পাইছে শিশুৰ মৃত্যুৰ সংখ্যাও।

চুৰাটত ১৪ দিনীয়া দৈৱশিশুৰ ক’ভিড-১৯ত মৃত্যু

ক’ভিড-১৯ত আক্ৰান্ত হৈ গুজৰাটৰ চুৰাটৰ নিউ চিভিল হাস্পতালত এটি ১৪ দিনীয়া শিশুৰ মৃত্যু ঘটিছে।

চুৰাটৰ আন এখন ব্যক্তিগত চিকিৎসালয়ত ভেণ্টিলেটৰত এগৰাকী ১৪ দিনীয়া শিশু সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।

আহমেদাবাদ অসামৰিক চিকিৎসালয়ৰ চিকিৎসকসকলৰ মতে, কৰােনাত মৃত্যু ঘটা লােকৰ ১৫ শতাংশই শিশু-কিশােৰ।

দিল্লীত ৪ মাহৰ পৰা ১২ বছৰলৈকে শিশু চিকিৎসাধীন

দিল্লীতাে শিশুসকলৰ মাজত সংক্ৰমণৰ হাত পূৰ্বতকৈ অধিক বুলি চিকিৎসকসকলে প্ৰকাশ কৰিছে।

লোকনায়ক হাস্পতালৰ সঞ্চালকে প্ৰকাশ কৰা অনুসৰি, চিকিৎসালয়খনত ৮ টি শিশু চিকিৎসাধীন হৈ আছে, যাৰ শৰীৰত ক’ভিড-১৯ৰ গুৰুতৰ লক্ষণ প্ৰকাশ পাইছে। ইয়াৰ ভিতৰত আছে ৮ মাহৰ পৰা ১২ বছৰ বয়সৰ শিশু।

এই শিশুসকলৰ দেহত তীব্ৰ জ্বৰ, ডায়েৰিয়া, নিউমোনিয়া আৰু সোৱাদৰ অভাৱৰ দৰে লক্ষণ প্ৰত্যক্ষ কৰা হৈছে।

ছাৰ গংগা ৰাম চিকিৎসালয়ৰ জ্যেষ্ঠ শিশু ৰোগ বিশেষজ্ঞ ডাঃ ধীৰণ গুপ্তাই প্ৰকাশ কৰা অনুসৰি, চিকিৎসকলৈ সংক্ৰমিত শিশুৰ পৰিয়ালৰ পৰা দৈনিক ২੦-৩੦ টা ভিডিঅ’ টেলি-কনফাৰেন্সিং কল আহি আছে।

লগতে চাওকঃ

মৃত্যুৰ পূৰ্বে ক’ৰােনা ৰােগীৰ ভয়াৱহ অভিজ্ঞতাৰ কথা ব্যক্ত সমাজকৰ্মীৰ, ভিডিঅ’ ভাইৰেল

ক’ভিড-১৯ত আক্ৰান্ত হ’ল ‘দুখীয়াৰ ভগৱান’!