
ক’ভিড-১৯ প্ৰতিষেধকৰ প্ৰথম পালি ল’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
March 1, 2021নিউজ ডেস্ক। ক’ভিড-১৯ ভাইৰাছৰ বিৰুদ্ধে আজিৰে পৰা দেশজুৰি আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ টিকাকৰণ অভিযান।
এই অভিযানৰ আৰম্ভণিতে আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ভিড-১৯ প্ৰতিষেধকৰ প্ৰথম পালি গ্ৰহণ কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে ৰাতিপুৱা নতুন দিল্লীস্থিত এইমছত উপস্থিত হৈ গ্ৰহণ কৰে প্ৰতিষেধকৰ প্ৰথমটাে পালি। প্ৰতিষেধক লৈ তেওঁ সমূহ দেশবাসীক প্ৰতিষেধক ল’বলৈ আহ্বান জনায়।
তেওঁ টুইটাৰ মন্তব্য কৰে, “মই এইমছত কৰোনা ভেকছিনৰ প্ৰথম পালি লওঁ। আমাৰ চিকিৎসক আৰু বিজ্ঞানীসকলে কৰোনাৰ বিৰুদ্ধে বিশ্বব্যাপী যুঁজ শক্তিশালী কৰিবলৈ দ্ৰুতভাৱে যি কাম কৰিছে, সেয়া প্ৰশংসাৰ যোগ্য।”
Took my first dose of the COVID-19 vaccine at AIIMS.
— Narendra Modi (@narendramodi) March 1, 2021
Remarkable how our doctors and scientists have worked in quick time to strengthen the global fight against COVID-19.
I appeal to all those who are eligible to take the vaccine. Together, let us make India COVID-19 free! pic.twitter.com/5z5cvAoMrv
তেওঁ কয় যে মই সকলোকে প্ৰতিষেধক গ্ৰহণ কৰি ভাৰতক কৰোনা মুক্ত দেশ হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনাইছো।
উল্লেখ্য যে আজিৰে পৰা ক’ভিড-১৯ টিকাকৰণ অভিযানৰ দ্বিতীয় পৰ্যায় ৬০ বছৰতকৈ অধিক বয়সৰ লোক আৰু ৪৫ বছৰ বা তাতকৈ অধিক বয়সৰ বিভিন্ন ৰােগত আক্ৰান্ত লোকৰ বাবে আৰম্ভ হৈছে।
Co-WIn2.0 পৰ্টেলত পঞ্জীয়ন সোমবাৰে পুৱা ৯ বজাত আৰম্ভ হৈছে।
নাগৰিকসকলে কো-উইন 2.0 পৰ্টেল নাইবা আৰোগ্য সেতুৰ দৰে এপত যিকোনো সময়তে আৰু যিকোনো স্থানত টিকাকৰণৰ বাবে পঞ্জীয়ন কৰিব পাৰে।
পঞ্জীয়ন কেনেদৰে কৰিব?
টিকাকৰণৰ বাবে পঞ্জীয়ন আগতীয়াকৈ Co-Win পোৰ্টেলত কৰিব লাগিব। নিৰ্ধাৰিত সময় অনুসৰি টিকাকৰণ কৰা হ’ব।
পঞ্জীয়ন আজি দিনৰ ১২:০০ বজাৰ পৰা বিয়লি ৩:০০ বজালৈ Co-Win পোৰ্টেলত কৰিব পাৰিব।
আনহাতে, ২ মাৰ্চৰ পৰা পুৱা ৯:০০ বজাৰ পৰা বিয়লি ৩:০০ বজালৈ পঞ্জীয়ন কৰিব পাৰিব ইচ্ছুক লােকসকলে।
লগতে চাওকঃ