
নিউজ ডেস্ক। উত্তৰ বিহাৰৰ এখন জিলাৰ এজন ৮৪ বছৰীয়া বৃদ্ধই কোভিড-১৯ ভেকছিনৰ এক ডজন পালি গ্ৰহণৰ দাবী কৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
এই সন্দৰ্ভত এতিয়া মাধেপুৰাৰ স্বাস্থ্য কৰ্তৃপক্ষই ব্ৰহ্মদেৱ মণ্ডল নামৰ বৃদ্ধ গৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।
অৱশ্যে, মণ্ডলে অভিযোগ কৰিছে যে বিভাগটোৱে তেওঁৰ ওপৰত দোষ আৰোপ কৰিছে।

মাধেপুৰাৰ আৰক্ষী অধীক্ষক ৰাজেশ কুমাৰে পুৰাইনী আৰক্ষী থানাত এজাহাৰখন নিশ্চিত কৰি কয় যে আৰক্ষীয়ে কোভিড নিৰ্দেশনা উলংঘনৰ লগতে স্বাস্থ্য বিষয়াসকলৰ গাফিলতিৰ ওপৰত চকু দিব।
উল্লেখ্য যে, মাধেপুৰাৰ উদাকিষাণগঞ্জ বিভাগৰ এখন গাঁৱৰ নিবাসী তথা ভাৰতীয় ডাক বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ব্ৰহ্মদেৱ মণ্ডলে কেইদিনমান পূৰ্বে কোভিডৰ দ্বাদশ পালি টীকা গ্ৰহণ কৰাৰ দাবীয়ে একপ্ৰকাৰ হতচকিত কৰিছে সকলোকে।
'कोरोना वैक्सीन की अब तक लगवाई 12 डोज', मधेपुरा में बुजुर्ग का चौंकाने वाला दावा
— FirstBiharJharkhand (@firstbiharnews) January 7, 2022
84 साल के ब्रह्मदेव मंडल ने कहा- 'उन्हें वैक्सीन लेने से दूसरी बीमारियों में भी राहत मिलने लगी'#Bihar #CoronaVaccine pic.twitter.com/LsY2S7vv6u
জিলা অসামৰিক শল্য চিকিৎসকজনে বৃদ্ধ জনৰ দাবীৰ পিছত তদন্তৰ নিৰ্দেশ দিছে।
৮৪ বছৰীয়া ব্ৰহ্মদেৱ মণ্ডলে দাবী কৰা মতে, তেওঁ যিমানবাৰ প্ৰতিষেধক পালি গ্ৰহণ কৰিছে সিমান বাৰ নিজকে সুস্থ অনুভৱ কৰিছে।
তেওঁ ২০২১ৰ ১৩ ফেব্ৰুৱাৰীত কোভিডৰ প্ৰথমপালি টীকা গ্ৰহণ কৰাৰ পিছত চলিত বৰ্ষৰ ৪ জানুৱাৰীত দ্বাদশ টীকাটো সম্পন্ন কৰিছে।
मधेपुरा में 11 बार कोरोना के वैक्सीन लेने का दावा करने वाले 84 साल के बुजुर्ग ब्रह्मदेव मंडल के खिलाफ FIR दर्ज करायी गई है pic.twitter.com/qRLkfVtdXM
— News18 Bihar (@News18Bihar) January 9, 2022
তেওঁ কয়, “মই নিজকে পঞ্জীয়ন কৰিবলৈ বিভিন্ন সময়ত মোৰ আধাৰ কাৰ্ড আৰু মোৰ ভোটাৰ পৰিচয় পত্ৰ ব্যৱহাৰ কৰিছো। প্ৰতিটো পালিয়ে মোৰ পুৰণি পিঠিৰ বিষ উপশম কৰাত সহায় কৰিছে। মই ১১ মাহ আগতে প্ৰথম শ্বটটো লৈছিলো।”
অৱশ্যে বৃদ্ধজনৰ ওচৰত কোভিড টীকা গ্ৰহণৰ এখনো প্ৰমানপত্ৰ নাই বুলি মন্তব্য কৰে। যাৰ বাবে তেওঁৰ দাবীক লৈ সন্দেহৰ অৱকাশ ৰৈ গৈছে।
ইফালে, ব্ৰহ্মদেৱ মণ্ডলৰ বিৰুদ্ধে পুৰাইনী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসা বিষয়া ডাঃ অৰুণ কুমাৰৰ দ্বাৰা ধাৰা ৪১৯ (ব্যক্তিত্বৰ দ্বাৰা প্ৰৱঞ্চনা), ৪২০ (প্ৰৱঞ্চনা আৰু অসততা) আৰু ১৮৮ (চৰকাৰৰ দ্বাৰা জাৰী কৰা আদেশ অমান্য) ধাৰাৰ অধীনত এখন এজাহাৰ দাখিল কৰা হৈছে।

আনহাতে, কাৰ্যকৰী অসামৰিক শল্য চিকিৎসক ডাঃ আব্দুল ছালামে কয় যে মানুহজনক অধিক পালি লোৱাৰ পৰা বাধা দিবলৈ এজাহাৰ দাখিল কৰা হৈছে। তেওঁ লগতে এই কথাও জানিবলৈ দিয়ে যে বিষয়টোৰ তদন্ত কৰি থকা দুয়োটা দলে এতিয়ালৈকে তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰা নাই।
ব্ৰহ্মদেৱ মণ্ডলে জানিবলৈ দিয়া মতে, তেওঁৰ ঘৰলৈ যোৱা অসামৰিক শল্য চিকিৎসকজনে তেওঁক ১২ টা প্ৰতিষেধক পালি লোৱাৰ দাবী প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ কৰিছিল। নতুবা ইয়াৰ বাবে কমেও তিনিজন স্বাস্থ্য বিষয়াৰ চাকৰি যাব বুলিও মন্তব্য কৰিছিল।
অৱশ্যে মণ্ডলে এতিয়াও নিজৰ দাবীত অটল হৈ আছে যে যোৱা এবছৰৰ ভিতৰত তেওঁ কোভিডৰ ১২ টা পালি প্ৰতিষেধক টীকা গ্ৰহণ কৰিছে।