ASSAM

ক’ভিড-১৯ৰ সংক্ৰমণৰ শীৰ্ষত শােণিতপুৰ, ডিব্ৰুগড়, কামৰূপ মেট্ৰ’ আৰু যােৰহাট জিলা

নিউজ ডেস্ক। ক’ভিড-১৯ৰ দৈনিক সংক্ৰমণৰ সংখ্যা ৰাজ্যৰ অধিকাংশ জিলাতে নিম্নগামী হৈছে যদিও এতিয়াও শােণিতপুৰ, ডিব্ৰুগড়, কামৰূপ মেট্ৰ’ আৰু যােৰহাট জিলাত দৈনিক আক্ৰান্তৰ সংখ্যা এতিয়াও শতাধিক।

ৰবিবাৰে প্ৰকাশ পােৱা তথ্য অনুসৰি, ৰাজ্যজুৰি ১,৭৭৫ জন লােকক নতুনকৈ ক’ভিড-১৯ পজিটিভ হিচাপে চিনাক্ত কৰা হয়।

ইয়াৰে সৰ্বাধিক শােণিতপুৰ জিলাত ১৬੦ জন, ডিব্ৰুগড় জিলাত ১৩৬, কামৰূপ মেট্ৰ’ত ১৩৩ আৰু যােৰহাট জিলাত ১২৩ জন লােকক ক’ভিড-১৯ পজিটিভ হিচাপে চিনাক্ত কৰা হয়।

দিনটােত পুনৰ ৩੦ জন লােকে ক’ভিড-১৯ৰ সংক্ৰমণত প্ৰাণ হেৰুৱাবলগীয়া হয়। ইয়াৰে সৰ্বাধিক মৃত্যুৰ ঘটিছে যােৰহাট জিলাত। জিলাখনত ৫ জন লােকৰ মৃত্যু হয়।

ইয়াৰ পিছতে কামৰূপ গ্ৰাম্যত ৪ জন, কামৰূপ মেট্ৰ’ত ৩ জন, ডিব্ৰুগড়- গােলাঘাট- কােকৰাঝাৰ- শিৱসাগৰ আৰু শােণিতপুৰ জিলাত ২ জনকৈ লােকৰ ক’ভিড-১৯ত মৃত্যু হয়।

ইয়াৰ উপৰি কাছাৰ, দৰং, গােৱালপাৰা, হাইলাকান্দি, কাৰ্বি আংলং, নগাঁও, বঙাইগাঁও আৰু তিনিচুকীয়া জিলাত ১ জনকৈ লােকৰ মৃত্যু হয়।

Pix by UB Photos

এতিয়াও ক’ভিড-১৯ৰ সংক্ৰমণৰ দৈনিক হাৰ ২ শতাংশৰ অধিক। ৰবিবাৰে ৰাজ্যজুৰি সংক্ৰমণৰ হাৰ ২.২৭ শতাংশ।

ইয়াৰ বিপৰীতে, দিনটােত সৰ্বমুঠ ৩,৫৫৯ জন লােক সুস্থ হৈ উঠাত তেওঁলােকক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয়। সম্প্ৰতি ৰাজ্যজুৰি সক্ৰিয় ক’ভিড-১৯ ৰােগীৰ সংখ্যা ৩২,২੦৭ জনলৈ নামিছে।

উল্লেখ্য যে এনে পৰিস্থিতি ৯ খন জিলাত হ’ব সম্পূৰ্ণ লকডাউন বলৱৎ কৰাৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে। বুধবাৰে ঘােষণা কৰা হ’ব সম্পূৰ্ণ লকডাউন দিব লগিয়া জিলাসমূহৰ নাম।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button