ক’ভিড-১৯ৰ প্ৰতিষেধক ল’লে দুই স্বাস্থ্যমন্ত্ৰীয়ে, ৰাইজক আগবাঢ়ি আহবিলৈ মুকলি আহ্বান

ক’ভিড-১৯ৰ প্ৰতিষেধক ল’লে দুই স্বাস্থ্যমন্ত্ৰীয়ে, ৰাইজক আগবাঢ়ি আহবিলৈ মুকলি আহ্বান

March 2, 2021 0 By NEWS DESK

নিউজ ডেস্ক। সােমবাৰৰ পৰা দেশজুৰি আৰম্ভ হ’ল ক’ভিড-১৯ প্ৰতিষেধক প্ৰদানৰ দ্বিতীয় পৰ্ব।

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদীয়ে প্ৰতিষেধকৰ প্ৰথম পালি গ্ৰহণ কৰা পাছতে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে মংগলবাৰে গ্ৰহণ কৰে প্ৰতিষেধক প্ৰথম পালি।

নতুন দিল্লী স্থিত হৃদয়-হাওঁফাওঁ প্ৰতিষ্ঠানত সপত্নীক উপস্থিত হৈ প্ৰতিষেধক গ্ৰহণ কৰি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সকলাে নাগৰিককে দেশত প্ৰস্তুত ক’ভিড-১৯ প্ৰতিষেধক গ্ৰহণৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়।

উল্লেখ্য যে সোমবাৰে অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’ভিড ১৯ প্ৰতিষেধকৰ প্ৰথমটো পালি গ্ৰহণ কৰে।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্ৰতিষেধক গ্ৰহণ কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।

টুইটাৰত প্ৰতিষেধক গ্ৰহণৰ সময়ছােৱাৰ ফটাে শ্বেয়াৰ কৰি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ চিকিৎসালয়সমূহ ক’ভিড-১৯ৰ প্ৰতিষেধক প্ৰদানৰ বাবে সম্পূৰ্ণ ৰূপে সাজু কৰা হৈছে।

উল্লেখ্য, ক’ৰোনা ভাইৰাচৰ ভেকচিনৰ দ্বিতীয় পৰ্যায়ত ৪৫ বছৰতকৈ অধিক বয়সৰ তথা অসুস্থ লোকক অন্তৰ্ভূক্ত কৰা হৈছে।