নিউজ ডেস্কঃ কোভিড মহামাৰী প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা এটা ভেকচিনক লৈ এক বিস্ফোৰক দাবী প্ৰকাশ কৰিছে ফ্ল’ৰিডাৰ এগৰাকী সুপৰিচিত চিকিৎসকে।
প্ৰখ্যাত অস্ত্ৰোপচাৰ বিশেষজ্ঞ ডা০ জোছেফ এ লাডাপোৱে উত্থাপন কৰা বিস্ফোৰক দাবীয়ে এতিয়া খলকনিৰ সৃষ্টি কৰিছে চিকিৎসা মহলত।
কোভিড মহামাৰী প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা এমআৰএনএ ভেকচিনৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পোৱাৰ দাবী তুলিছে চিকিৎসা বিশেষজ্ঞগৰাকীয়ে।
ডা০ জোছেফ এ লাডাপোৰ মতে, এই ভেকচিনৰ ফলত ১৮ বছৰৰ পৰা ৩৯ বছৰৰ ভিতৰৰ পুৰুষৰ হাৰ্ট এটেকৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পায়।

লাডাপোৱে কয় যে এমআৰএনএ ভেকচিনৰ ওপৰত এক বিশ্লেষণ কৰা হৈছিল। যাৰ বিষয়ে জনসাধাৰণ সজাগ হোৱাটো প্ৰয়োজন।
তেওঁ কয় যে এই বিশ্লেষণে দেখুৱাইছে যে ই ১৮ৰ পৰা ৩৯ বছৰ বয়সৰ ভিতৰৰ পুৰুষৰ হৃদযন্ত্ৰৰ মৃত্যুৰ সম্ভাৱনা বৃদ্ধি কৰে। তেওঁ কয় যে এই বিপদৰ প্ৰতি লক্ষ্য ৰাখি সকলো সচেতন হোৱাৰ প্ৰয়োজন।
গৱেষণাৰ পৰা দেখা গৈছে যে ৮৪ শতাংশ লোকৰ ক্ষেত্ৰত হৃদযন্ত্ৰৰ লগত জড়িত ৰোগত এই ভেকচিন ব্যৱহাৰ কৰিলে মৃত্যুৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।

আনহাতে গৱেষণাত নন-এম-আৰএনএ ভেকচিনৰ পৰা এনে কোনো বিপদৰ কথা কোৱা হোৱা নাই।
ইয়াৰ বাহিৰেও এমআৰএনএ ভেকচিনে মায়োকাৰ্ডাইটিছ আৰু পেৰিকাৰ্ডাইটিছ ৰোগত আক্ৰান্ত লোকৰ ওপৰত বিপজ্জনক প্ৰভাৱ পেলাব পাৰে।
উল্লেখ্য যে, ভাৰতত পুনেস্থিত কোম্পানী জেনোভা বায়’ফাৰ্মাই এটা এম-আৰএনএ প্ৰযুক্তি ভিত্তিক ক’ৰোনা ভেকচিন প্ৰস্তুত কৰিছে, যিটো ভাৰতৰ ড্ৰাগ কণ্ট্ৰ’লাৰৰ পৰা জৰুৰীকালীন অৱস্থাত ব্যৱহাৰৰ বাবে অনুমোদন জনোৱা হৈছে।