ক’ভিড-১৯ত আক্ৰান্ত হৈ যুৱ সাংবাদিকৰ মৃত্যু, চিকিৎসাধীন পিতৃও

April 16, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ক’ভিড-১৯ৰ দ্বিতীয় ঢৌৰ বাবে দেশজুৰি নিতৌ এই ভাইৰাছৰ সংক্ৰমণত আক্ৰান্ত হৈছে লক্ষাধিক লােক।

ইপিনে, এই ভাইৰাছৰ সংক্ৰমণত আক্ৰান্ত এগৰাকী যুৱ সংবাদিকৰ মৃত্যুৰ ঘটনাই গভীৰ শােকৰ ছাঁ পেলাইছে।

জানিব পৰা মতে, দৈনিক জাগৰণ (লক্ষ্ণৌ)ৰ সাংবাদিক অংকিত শুক্লাৰ ক’ভিড-১৯ত আক্ৰান্ত হৈ শুকুৰবাৰে মৃত্যু ঘটে।

অংকিত চুলতানপুৰ ৰোডত পৰিয়ালসহ বাস কৰিছিল। তেওঁ ঘৰৰ পৰাই কাম কৰিছিল।

লক্ষ্ণৌৰ অৰ্জুনগঞ্জ চহৰৰ দৈনিক জাগৰণৰ সংবাদদাতা হিচাপে কৰ্মৰত আছিল অংকিত শুক্লা।

প্ৰয়াত সাংবাদিকজনৰ পিতৃও চিকিৎসাধীন। তেওঁ শৰীৰত অক্সিজেনৰ স্তৰ হ্ৰাস পাইছে। পত্নী আইচ’লেশ্যনত।

এদিন পূৰ্বে সাংবাদিকজনৰ খুৰাকৰ মৃত্যু হৈছিল।

তেওঁৰ এটি ডেৰ বছৰীয়া পুত্ৰ সন্তান আছে। জানিব পৰা মতে, অংকিত বিগত ৫-৬ দিনৰ ধৰি অসুস্থ হৈ আছিল।

লগতে চাওকঃ

মৃত্যুৰ পূৰ্বে ক’ৰােনা ৰােগীৰ ভয়াৱহ অভিজ্ঞতাৰ কথা ব্যক্ত সমাজকৰ্মীৰ, ভিডিঅ’ ভাইৰেল

ক’ভিড-১৯ত আক্ৰান্ত হ’ল ‘দুখীয়াৰ ভগৱান’!