
নিউজ ডেস্ক। দেশজুৰি সৃষ্টি হৈছে ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণৰ তৃতীয়টাে ঢৌ।
ক’ভিড-১৯ৰ সংক্ৰমণৰ দৈনিক সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে।
ইপিনে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ক’ভিড-১৯ত সংক্ৰমিত হৈছে।
I have tested positive for Covid. Mild symptoms. Have isolated myself at home. Those who came in touch wid me in last few days, kindly isolate urself and get urself tested
— Arvind Kejriwal (@ArvindKejriwal) January 4, 2022
তেওঁ টুইটাৰত এই কথা প্ৰকাশ কৰিছে।
টুইটাৰত প্ৰকাশ কৰা অনুসৰি, তেওঁৰ দেহত ক’ভিড-১৯ৰ মৃদু লক্ষণ দেখা গৈছে। তেওঁ ঘৰত আইচলেশ্বনত থকা বুলি প্ৰকাশ কৰিছে।
লগতে তেওঁৰ সম্পৰ্কলৈ অহা লােকসকলকাে ক’ভিড পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে।
উল্লেখ্য যে ক’ভিড-১৯ৰ প্ৰতিষেধকৰ দুয়ােটা পালি গ্ৰহণ কৰিছিল কেজৰিৱালে।