ক’ভিড-১৯ত আক্ৰান্ত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজু!

April 17, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণত আক্ৰান্ত হৈছে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজু।

শনিবাৰে টুইটাৰত এই কথা প্ৰকাশ কৰি অৰুণাচল প্ৰদেশৰ ৪৯ বছৰীয়া সাংসদ গৰাকীয়ে কয় যে তেওঁ সুস্থ অনুভৱ কৰিছে।

ৰিজিজুৱে ব্যক্তিগত টুইটাৰ হেণ্ডেলত লিখিছে, “ক’ভিড-১৯ৰ বাবে একাধিকবাৰ পৰীক্ষা কৰাৰ পাছত মোৰ ৰিপ’ৰ্ট পজিটিভ ওলাইছে।”

তেওঁ লগতে কয় “মই চিকিৎসকসকলৰ পৰামৰ্শ গ্ৰহণ কৰিছােঁ। মই শেহতীয়াকৈ মোৰ সম্পৰ্কত অহা সকলো ব্যক্তিকে নিজৰ স্বাস্থ্যৰ প্ৰতি চকু দিবলৈ, চেল্ফ কােৱাৰেন্টাইন হ’বলৈ আৰু নিজকে পৰীক্ষা কৰাবলৈ অনুৰোধ জনাইছো। মই শাৰীৰিকভাৱে সুস্থ আৰু সবল।”

তেওঁৰ সুস্থাস্থ্যৰ কামনা কৰি টুইট কৰিছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে।

উল্লেখ্য যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শুক্ৰবাৰে উত্তৰাখণ্ডৰ টেহৰিত এটা ৱাটাৰ স্পৰ্টছ এণ্ড এডভেঞ্চাৰ ইনষ্টিটিউট উদ্বোধন কৰিবলৈ গৈছিল।

তেওঁৰ সৈতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী তিৰথ সিং ৰাৱাট এই উদ্বোধনী অনুষ্ঠানত অংশ লৈছিল। উল্লেখ্য যে কিছুদিন পূৰ্বেই মুখ্যমন্ত্ৰীগৰাকীও ক’ভিড-১৯ৰ পৰা সুস্থ হৈ উঠিছিল।

এই কাৰ্যসূচীৰ লগতে তেওঁ ITBP ৰ জােৱানৰ সৈতে মাস্ক অবিহনে পাহাৰীয়া অঞ্চলত বিচৰণ কৰি থকা অৱস্থাৰ ভিডিঅ’ টুইটাৰত শ্বেয়াৰ কৰিছিল।

লগতে চাওকঃ

ক’ভিড-১৯ত আক্ৰান্ত হ’ল ‘দুখীয়াৰ ভগৱান’!