ক’ভিড আক্ৰান্ত হৈ অসমৰ অৱসৰপ্ৰাপ্ত সেনা বিষয়াৰ দিল্লীত মৃত্যু

April 14, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণত দ্বিতীয় ঢৌৱে দেশজুৰি সৃষ্টি কৰিছে জটিল পৰিস্থিতিৰ।

প্ৰতিদিনে এই ভাইৰাছৰ সংক্ৰমণত আক্ৰান্ত হৈছে লক্ষাধিক লােক।

ইপিন, নতুন দিল্লীত ক’ভিড-১৯ত আক্ৰান্ত হৈ মংগলবাৰে মৃত্যুক সাৱটি লয় নগাঁৱৰ পুৰণিগুদামৰ এজন অৱসৰপ্ৰাপ্ত সেনা বিষয়াই।

এই বিষয়াজনৰ নাম হৈছে কৰ্ণেল তৃনয়ন শইকীয়া (অৱসৰপ্ৰাপ্ত)।

জানিব পৰা মতে, শৰীৰত ক’ভিড পজিটিভ ধৰা পৰাৰ পাছতে কৰ্ণেল তৃনয়ন শইকীয়া (৬৩) নামৰ অৱসৰপ্ৰাপ্ত সেনা বিষয়াজনক দিল্লীৰ আৰ্মি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

চিকিৎসাধীন অৱস্থাতে মংগলবাৰে তেওঁ হৃদৰোগত আক্ৰান্ত হয়।

উল্লেখ্য যে ১৯৫৭ চনৰ ১৮ মে’ত তেওঁৰ জন্ম হৈছিল।

গোৱালপাৰা সৈনিক স্কুলৰ ষষ্ঠ বেট্ছৰ ছাত্ৰ কৰ্ণেল শইকীয়াই ১৯৯৯ চনত স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিছিল। তেওঁ সেনাৰ ১৬ ডােগ্ৰা ৰেজিমেন্টত কৰ্মৰত আছিল।

অৱসৰৰ পাছত তেওঁ দিল্লীৰ এখন ব্যক্তিগত খণ্ডৰ হাস্পতালৰ নিৰাপত্তা দিশ তদাৰক কৰি আছিল।