ক’ভিডৰ সময়ৰ দৰেই এইবাৰো অনুষ্টুপীয়াকৈ অনুষ্ঠিত হ’ব অম্বুবাচী মেলা…

শক্তিপীঠ মা কামাখ্যা ধামত অহা ২২ জুনৰ পৰা ২৬ জুনলৈ অনুষ্ঠিত হ’বলগীয়া অম্বুবাচী মেলা।
ক’ভিডৰ সময়ৰ দৰেই এইবাৰো অনুষ্টুপীয়াকৈ উদযাপন কৰা হ’ব অম্বুবাচী মেলা।
কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই শুক্ৰবাৰে এই কথা ব্যক্ত কৰে।
তেওঁ কয় যে বিভিন্ন কাৰণত মা কামাখ্যা ধামত এইবাৰ অম্বুবাচী মেলা অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

ইফালে মুখ্যমন্ত্রী হিমন্তবিশ্ব শৰ্মায়ো বিগত কিছুদিন ধৰি গুৱাহাটীত ধাৰাষাৰ বৰষুণ হোৱাৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বান আৰু ভূমিস্খলনৰ বাবে এইবাৰ অম্বুবাচী মেলা চৰকাৰে অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা বুলি জানিবলৈ দিয়ে।
এইবাৰ অম্বুবাচী মেলালৈ ভক্তসকলক নাহিবলৈও মুখ্যমন্ত্ৰীয়ে অনুৰোধ জনায়।
মুখ্যমন্ত্ৰীয়ে কয়- প্রাকৃতিক দুৰ্যোগৰ বাবে ক’ভিডৰ সময়ত যিদৰে অম্বুবাচী অনুষ্ঠিত কৰা হৈছিল, এইবাৰো তেনেকৈ কৰা হ’ব। কেৱল ধৰ্মীয় ৰীতি-নীতিৰে পালন কৰা হ’ব অম্বুবাচী মেলা। যদি অম্বুবাচীৰ সময়ত পুনৰ বৰষুণ হয় তেতিয়াহ’লে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যাব। কামাখ্যাৰ ৰাস্তাত ভূমিস্খলন হৈছে। ফ্লাই অ’ভাৰখনৰো কাম চলি আছে। গতিকে এইবাৰ তীৰ্থযাত্রী অহাৰ বাবে বৰ ভাল সময় নহয়।