ক’ভিডৰ ভেকচিন লোৱাটো বাধ্যতামূলক নহয়, কিন্তু…

উচ্চতম ন্যায়ালয়ত দাখিল কৰা শপতনামাত “ভেকচিন লোৱাটো বাধ্যতামূলক নহয়” বুলি কেন্দ্ৰীয় চৰকাৰে উল্লেখ কৰাৰ পিছতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

যদি ভেকচিন লোৱাটো বাধ্যতামূলক নহয়, তেন্তে কিয় বিভিন্ন ৰাজ্যৰ চৰকাৰে ভেকচিন নোলোৱা সকলক বিভিন্ন সা-সুবিধাৰ পৰা বঞ্চিত কৰাৰ লগতে অফিচ-কাছাৰী, ৰাজহুৱা স্থান আদিলৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে বুলিও এতিয়া প্ৰশ্নৰ উত্থাপন কৰিছে বহুতে।

অসমতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুন এছঅ’পি জাৰি কৰি ভেকচিন নোলোৱাসকলৰ বাবে একপ্ৰকাৰ লকডাউন ঘোষণা কৰিছিল।

কোভিডৰ দুয়োপালি প্ৰতিষেধক গ্ৰহণ নকৰিলে, চৰকাৰী কাৰ্যালয়, ৰেষ্টুৰেণ্ট, শ্বপিং মল, ৰাজহুৱা স্থানলৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। আনকি ভেকচিন নোলোৱা সকলক ৰাজহুৱা বাহনেৰে যাত্ৰা কৰাটো বাধা প্ৰদান কৰা হৈছে।

G4

কিন্তু সোমবাৰে উচ্চতম ন্যায়ালয়ত কেন্দ্ৰীয় চৰকাৰে দাখিল কৰা শপতনামাৰ পিছতে মুখ্যমন্ত্ৰীয়ে পূৰ্বে জাৰি কৰা বাধা-নিষেধক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

এই সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ভেকচিন লোৱাটো বাধ্যতামূলক নহয়, কিন্তু ভেকচিন নোলোৱাকৈ অফিচলৈ নহাটোহে বাধ্যতামূলক। ভেকচিন নোলোৱাকৈ ঘৰৰ ভিতৰত সোমাই থাকিলে আপত্তি নাই। কিন্তু ভেকচিন ন’লৈ মেলে-মিটিঙে, ৰেষ্টুৰেণ্টলৈ যাব নোৱাৰিব। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে কোৱা কথাখিনি একেই।

আনহাতে ভেকচিন গ্ৰহণৰ প্ৰমানপত্ৰ প্ৰদৰ্শন সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে অসমত প্ৰয়োজন হলে ভেকচিন চাৰ্টিফিকেট দেখুৱাব লাগিব। অসম চৰকাৰে জনস্বাৰ্থবিৰোধী কাম কৰিব নোৱাৰে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইফালে গুৱাহাটীত ভেকচিন গ্ৰহণৰ হাৰ এশ শতাংশ বুলিও মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে, প্ৰতিবন্ধী ব্যক্তিসকলৰ ঘৰে ঘৰে টিকাকৰণৰ বাবে উচ্চতম ন্যায়ালয়ত দাখিল কৰা ৰাজহুৱা স্বাৰ্থজড়িত এখন আবেদনৰ উত্তৰত কেন্দ্ৰীয় চৰকাৰে দাখিল কৰা শপতনামাত কয় যে সাম্প্ৰতিক মহামাৰী পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ আগ্ৰহৰ বাবে কোভিড-১৯ টিকাকৰণ কৰা হৈছে।

ইয়াৰ বাবে বিজ্ঞাপন পৰামৰ্শ দিয়া হয় আৰু বিভিন্ন মাধ্যমৰ জৰিয়তে সকলো নাগৰিকে টিকাকৰণ কৰা উচিত বুলি প্ৰচাৰ কৰা হৈছে।

অৱশ্যে, কোনো ব্যক্তিক তেওঁলোকৰ ইচ্ছাৰ বিপৰীতে টিকাকৰণ কৰিবলৈ বাধ্য কৰিব নোৱাৰি।

লগতে চাওকঃ

On Camera প্ৰশাসনিক বিষয়াক ধমক কিয়? মুখ্যমন্ত্ৰীক প্ৰশ্ন শিৱসেনাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীৰ

G6

Leave a Comment