ক’ভিডৰ বাবে সাময়িকভাৱে স্থগিত ৰখা হ’ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি…

ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি হৈছে কৰ’ণাৰ সংক্ৰমণ।

ক’ভিডৰ সংক্ৰণৰ মাজতে আগন্তুক ৪, ৫ আৰু ৬ ফেব্ৰুৱাৰিত নাহৰকটীয়াত অনুষ্ঠিত হ’ব লগা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যক বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতিৰ কাম-কাজ সাময়িকভাবে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

শেহতীয়াকৈ ক’ভিডৰ তৃতীয় ঢৌৰ সংক্ৰমণ বৃদ্ধি পোৱাত চৰকাৰে জাৰি কৰা এছ অ’ পিৰ প্ৰতি সন্মান জনাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল অধিৱেশনৰ আদৰণী সমিতিয়ে ২৫ জানুৱাৰী পৰ্যন্ত অধিৱেশনৰ কাম-কাজ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখ্য যে, নাহৰকটীয়াৰ ৰাঙলী পথাৰৰ ককা বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰত অধিৱেশৰ মূল মণ্ডপ, প্ৰতিনিধি শিবিৰ, পতাকা স্থলী, গ্ৰন্থ মেলা, প্ৰদৰ্শনী স্থলী, নামঘৰ আদিৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠাৰ লগতে ৬০ শতাংশ প্ৰস্তুতিৰ কাম-কাজ সম্পূৰ্ণ হৈ উঠিছিল।

প্ৰতিবছৰে অনুষ্ঠিত হৈ অহা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিবেশনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লাখ-লাখ ভক্তৰ সমাগম ঘটে।

বিগত বৰ্ষতো ক’ভিডৰ সংক্ৰমণৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনখনি অনুষ্ঠিত কৰিব পৰা যোৱা নাছিল।

Leave a Comment