ক’ভিডৰ দ্বিতীয় লহৰত অসমত ৩, দেশজুৰি ২৬৯ চিকিৎসকৰ মৃত্যু, এদিনতে প্ৰাণ গ’ল ৫੦ জনৰ

May 18, 2021 0 By NEWS DESK

নিউজ ডেস্ক। দেশজুৰি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে ক’ভিড-১৯ ভাইৰাছৰ দ্বিতীয়টাে ঢৌৱে।

বিশেষকৈ প্ৰথম শাৰীৰ ক’ভিড যােদ্ধা দেশৰ চিকিৎসক সমাজৰ ব্যাপক ক্ষতিসাধন হৈছে এই ঢৌত।

ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্বন চমুকৈ আই এম আৰে প্ৰকাশ কৰা এক তথ্যই সকলোকে উদ্বিগ্ন কৰি তুলিছে।

আই এম আৰৰ তথ্য অনুসৰি, ক’ভিডৰ দ্বিতীয় ঢৌত সন্মুখৰ পৰা যুঁজ দি মৃত্যুক আকোৱালি লৈছে ২৬৯ জন চিকিৎসকে।

আনকি, মাত্ৰ এটা দিনতে দেশত ৫০ জনকৈ চিকিৎসকে ক’ভিডত আক্ৰান্ত হৈ প্ৰাণ ত্যাগ কৰিছে।

২৫ বছৰীয়া কনিষ্ঠ চিকিৎসকৰ পৰা আৰম্ভ কৰি ৯০ বছৰীয়া অৱসৰপ্ৰাপ্ত অধ্যাপকলৈ ক’ভিডৰ ওচৰত যুঁজি যুঁজি হাৰ মানিছে।

মৃত্যু হোৱা অধিকাংশ চিকিৎসকৰ বয়স ৫০ ঊৰ্ধ্বৰ। অসম ৩ জন চিকিৎসকৰ মৃত্যুৰ বিপৰীতে, দেশৰ ভিতৰত বিহাৰত সৰ্বাধিক ৬৯ জন চিকিৎসকৰ মৃত্যু হৈছে।

বিহাৰৰ পাছতেই উত্তৰাখণ্ডত ৩৩ জন আৰু দিল্লীত ২৬ জন চিকিৎসকৰ মৃত্যু হৈছে।

বিগত বৰ্ষৰ ক’ভিডৰ প্ৰথমটো ঢৌত দেশত প্ৰায় ৭৩০ জন চিকিৎসকৰ প্ৰাণ হানি হৈছিল।

সৰ্বভাৰতীয় চিকিৎসক সংগঠনটোৰ তথ্য মতে এতিয়ালৈ ক’ভিডত দেশত ৯৭৪ জন চিকিৎসকৰ মৃত্যু হৈছে।