ক’ভিডত আক্ৰান্ত হৈ ১৪ বছৰীয়া ‘জুপিটাৰ’ৰ মৃত্যু…

বিশ্বৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে ভয়াৱহ কৰ’ণাৰ সংক্ৰমণ।
মানুহৰ সমান্তৰালকৈ ক’ভিডত আক্ৰান্ত হৈছে জীৱ জন্তু।
২০২২ চনৰ প্ৰথমটো জন্তুৰ ক’ভিডত আক্ৰান্ত হৈ মৃত্যুৰ খবৰ প্ৰকাশ পাইছে।
ক’ভিডত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে এটি বাঘে।
ক’ভিডত আক্ৰান্ত হৈ ১৪ বছৰীয়া বাঘ ‘জুপিটাৰ’ৰ মৃত্যু।
মৃত্যুৰ সময়ত কলম্বাছৰ চিৰিয়াখানাত আছিল বাঘটো।
We're sad to share that 14-year-old Amur tiger, Jupiter, passed away on June 26 after developing pneumonia caused by the COVID-19 virus. Jupiter had been on long term treatment for chronic underlying illnesses, which made him more susceptible to the virus. https://t.co/LlwOb2yeyo pic.twitter.com/pTEmNUsm9p
— Columbus Zoo (@ColumbusZoo) June 29, 2022
দীৰ্ঘ দিনৰে পৰা ক’ভিডত আক্ৰান্ত হৈ অসুস্থ হোৱা বাঘটোৰ চিকিৎসা চলি আছিল।
অৱশেষত ২৬ জুন তাৰিখে চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় জুপিটাৰৰ।
মস্কোত জন্ম হোৱা জুপিটাৰ ২০১৫ চনৰ মাৰ্চ মাহৰ পৰা ওহাইঅ’ চিৰিয়াখানাত আছিল।
জুপিটাৰে তাইৰ জীৱনকালত ৯ টা পোৱালী জন্ম দিছিল।
যাৰ ভিতৰত ৬ টা পোৱালীয়ে জন্ম দিছিল কলম্বাছৰ চিৰিয়াখানাত।