নিউজ ডেস্কঃ বন্ধুৰ সৈতে চাহত চুমুক দি গল্প-গুজব কৰাৰ আমেজেই সুকীয়া। চাহৰ ষ্টলত বহি ইকাপৰ পিছত সিকাপ চাহ হাতত লৈ কিছু অন্তৰংগ মুহূৰ্ত পাৰ কৰাৰ ইচ্ছা অনেকৰে থাকে।
কিন্তু কেতিয়াবা সমাধিস্থলত বহি আপুনি চাহৰ আড্ডা দিয়াৰ কল্পনা কৰিছেনে?
যদি কল্পনা কৰা নাই, তেন্তে আমি আপোনাক কম ভাৰতৰ এনে এখন চাহৰ ৰেষ্টুৰেণ্টৰ কথা, য’ত আপুনি কুৰিৰো অধিক কবৰৰ মাজত বহি জুতি ল’ব পাৰে একাপ চাহৰ।

গুজৰাটৰ আহমেদাবাদত থকা প্ৰায় অৰ্ধশতিকা পুৰণি অনন্য আৰু ব্যতিক্ৰম ৰেষ্টুৰেণ্টখনলৈ প্ৰতিদিনে সমাগম ঘটে হাজাৰ হাজাৰ লোকৰ। দিনৰ ১২ বজাৰ পৰা নিশা ১ বজালৈকে এই ৰেষ্টুৰেণ্টখনত চাহৰ লগতে অন্যান্য খাদ্য সামগ্ৰীৰ জুতি লয় গ্ৰাহকে।
গুজৰাটৰ আহেমদাবাদৰ লালৰ দৰৱাজাস্থিত এই ব্যতিক্ৰমী ৰেষ্টুৰেণ্টখনৰ নাম হৈছে নিউ লাকী ৰেষ্টুৰেণ্ট।

উল্লেখ্য যে, এই ৰেষ্টুৰেণ্টখন ১৯৫০ চনত কে এইচ মহম্মদ নামৰ ব্যক্তিজনে মুছলমান কবৰস্থানৰ বাহিৰত সৰু চাহৰ দোকান হিচাপে আৰম্ভ কৰিছিল।
ৰেষ্টুৰেণ্টখন লাহে লাহে পৰিচিত হৈ পৰাত পিছত গোটেই সমাধিস্থল বেঢ়ি ৰেষ্টুৰেণ্টখন নতুনকৈ নিৰ্মাণ কৰা হয়।
পৰৱৰ্তী সময়ত কে এইছ মহম্মদে এই ৰেষ্টুৰেণ্টখন কৃষ্ণন কুট্টী নায়েৰ নামৰ আন এজন লোকক বিক্ৰী কৰে।

নিউ লাকী ৰেষ্টুৰেণ্টৰ বিশেষত্ব হৈছে- ৰেষ্টুৰেণ্টখনৰ মাজত আছে ২৬টাকৈ কবৰ। এই কবৰসমূহৰ যাতে কোনো ধৰণৰ ক্ষতিসাধন নহয়, তাৰ বাবে কবৰবোৰৰ চাৰিওভালে লোহাৰ বেৰ লগোৱা হৈছে।
ৰেষ্টুৰেণ্টখনৰ কৰ্তৃপক্ষই এই কবৰসমূহ সদায় পৰিস্কাৰ কৰাৰ লগতে ফুলৰ মালা আৰু কাপোৰেৰে সুন্দৰকৈ সজাই ৰাখে।
জানিব পৰা মতে, বিশ্বপ্ৰসিদ্ধ চিত্ৰশিল্পী এম এফ হুছেইনো এই ৰেষ্টুৰেণ্টখনৰ নিয়মীয়া গ্ৰাহক আছিল। তেওঁ ৰেষ্টুৰেণ্টখনৰ অভিজ্ঞতাৰে তেওঁ এখন চিত্ৰ অংকন কৰি মালিকক উপহাৰ দিছিল।

আজিও নিউ লাকী ৰেষ্টুৰেণ্টত সজাই থোৱা হৈছে বিশ্বখ্যাত চিত্ৰশিল্পী এম এফ হুছেইনে প্ৰদান কৰা সেই চিত্ৰখন।
আধা শতিকা পাৰ কৰা এই ৰেষ্টুৰেণ্টখন এতিয়া আহমেদাবাদলৈ অহা পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু। জানিব পৰা মতে, এই ৰেষ্টুৰেণ্টখনৰ জনপ্ৰিয়তাৰ বাবেই অঞ্চলটোত থকা ট্ৰেফিক পইণ্টৰ নামো লাকী ট্ৰেফিক পইন্ট নামেৰে নামাকৰণ কৰা হৈছে।