অসমীয়াঅসম

কবিতাহে লিখিছিলো, অপৰাধ কৰা নাইঃ কাৰাবন্দ্বীত্বৰ অৱসানৰ পিছত আৰু কি ক’লে বৰ্ষাশ্ৰীয়ে…

নিউজ ডেস্কঃ ৬৫ দিন অন্তত শুকুৰবাৰে মুকলি আকাশৰ তললৈ আহিল বৰ্ষাশ্ৰী বুঢ়াগোহাঁই। টীয়কৰ মেধাৱী ছাত্ৰীগৰাকী কাৰাবন্দ্বীত্বৰ অৱসান ঘটাই জামিনত ওলাই অহাৰ পিছতে তেওঁক স্বগৃহলৈ আদৰণি আনিলে ৰাইজে।

কবিতা লিখাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা ডিচিবি কলেজৰ মেধাৱী ছাত্ৰীগৰাকীয়ে মুক্তিৰ বিনিময়ত লিখিত প্ৰতিশ্ৰুতি দিবলগীয়া হয় নিষিদ্ধ পথেৰে আগ নবঢ়াৰ।

দুমাহৰ পিছত স্বগৃহলৈ উভতি বৰ্ষাশ্ৰী সুখী। কিন্তু অনুশোচনা তেওঁ কৰা নাই। সাংবাদিকৰ সন্মুখত বৰ্ষাশ্ৰীয়ে কয়, ‘মই কবিতাহে লিখিছিলো, অপৰাধ কৰা নাই।’

ভৱিষ্যতে এগৰাকী সু প্ৰবক্তা হ’ব বিচাৰে বৰ্ষাশ্ৰীয়ে। তাৰ বাবে সদায় প্ৰচেষ্টা চলাই যাব বুলিও তেওঁ মন্তব্য কৰে। লগতে নিজৰ লক্ষ্যত উপনীত হোৱাত আৰক্ষী-প্ৰশাসনৰ লগতে সকলোৰে সহায় কামনা কৰে বৰ্ষাশ্ৰীয়ে।

তেওঁ কয়, ‘পূৰ্বেও মোৰ কোনো নিষিদ্ধ ইতিহাস নাছিল। ভৱিষ্যতেও নাথাকে। মই কেৱল মোৰ লক্ষ্যৰে আগবাঢ়িব বিচাৰো।’

উল্লেখ্য যে, সামাজিক মাধ্যমত নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনৰ সমৰ্থনত এটা ‘টেগ লাইন’ লিখাৰ অপৰাধত ১৮ মে’ত উৰিয়ামঘাটৰ বান্ধৱীৰ ঘৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বৰ্ষাশ্ৰী বুঢ়াগোহাঁইয়ে।

তাৰ পিছতে বিগত দুটা মাহ কাৰাগাৰত পাৰ কৰিবলগীয়া হয় বৰ্ষাশ্ৰীয়ে। আনকি কাৰাগাৰৰ ভিতৰৰ পৰাই তেওঁ স্নাতক দ্বিতীয় ষাণ্মাসিকৰ পৰীক্ষাতো অৱতীৰ্ণ হ’বলগীয়া হয়।

Related Articles

Back to top button