fbpx
অসমীয়াঅসম

কণমানি নিকু! মানুহে মানুহৰ বাবে ভাৱিবলৈ সময় নথকা দিনতো যাৰ কথা এখন্তেক ৰৈ ভাৱিবলৈ মন যায়… কিন্তু…

নিউজ ডেস্কঃ জীৱনৰ অৰ্থ বিচাৰিব জনা হোৱা নাই সি। জনা হোৱা নাই লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ!

কিন্তু তাৰ মুখৰ এষাৰ মাতে, এটা হাঁহিয়ে আজি সকলোৰে মাজত তাৰ এটা পৃথক ডাঙি ধৰিছে।

সি কিদৰে ইমান মৰমলগা হ’ব পাৰে! -নুসোধো বুলিও বহুতে নিজকেই এই প্ৰশ্ন সুধিছে।

চুটি চুটি চুলি, গাৰ ক’লা ৰঙা, অভাৱে আচোৰা পোছাক- তাৰ দেহৰ কোনো এটা খুটেই মানুহৰ চকুত পৰা নাই।

হয়, ৰূপে কি কৰে, গুণেহে সংসাৰ তৰে!

তালৈ কাৰো পুতৌ জগা নাই, মৰমহে জাগিছে। যেন সাৱট মাৰি তাক বুকুৰ মাজত সোমাই ৰাখিব বিচাৰিছে সকলোৱে।

ইম্মান মৰমলগা…!

সেই যে সি হাঁহিটো মাৰিছিল… প্ৰথমে তিনি মিনিট বুলি ক’ব খুজিও আকৌ ১০ মিনিট বুলি কৈছিল… দূৰৈৰ পৰাই অ’ আংকল বুলি মাতষাৰ দিছিল…

তাৰ সেই মাতষাৰ, সেমেকা অথচ নিস্পাপ হাঁহিটোৱে বেলিৰ সতেজ কিৰণৰ দৰেই চকু চাট মাৰি ধৰিছিল। আঃ চাব নোৱাৰি… চকুলো নিগৰি আহে!!

এতিয়া সি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। কোনোৱে হৃদয়ৰ পৰাই তাক হৃদয় জুৰাই আশীষ দিছে, আন কোনোৱে আকৌ তাৰ নামত ‘ভিউজ’ বুটলিছে।

মুঠতে এতিয়া সি চৰ্চিত। সি যেন ধ্বংসৰ পৃথিৱীত এক সম্ভাৱনা।

তাৰ বাবে জাগি উঠা দৰদে বহুতৰে মন-মগজু জীপাল কৰিছে। মানুহৰ বাবে ভাৱিবলৈ আজৰি নথকা মানুহবোৰে এতিয়া এখন্তেক বহি তাৰেই কথা ভাৱিবলৈ বাধ্য হৈছে।

সেয়ে সুৰেন নাথে আবেগভৰা পোষ্ট কৰি সামাজিক মাধ্যমত লিখিছে- মই তাক থাকিবলৈ আধা কঠা মাটি দিব বিচাৰো।

জাগীৰোডৰ পৰা যুগল কিশোৰ বৰাই তাৰ বাবে লিখিছে- মই একঠা মাটি দিম।

তাৰ এটা ভিডিঅ’ই আজি মানুহৰ মনত মানৱতা জগাই তুলিছে। কিন্তু চৰকাৰৰ একা?

জনতাৰ ধনেৰেই ৰজাৰ জীৱন অতিবাহিত কৰা জননেতাৰ অৱশ্যেই তাৰ বিষয়ে ভাৱিবলৈ আহৰিয়েই বা ক’ত?

তেওঁলোকৰ অনেক কাম। ধৰ্মক লৈ ৰাজনীতি, উচ্ছেদৰ সপক্ষে বৰ্ণনা, এনকাউণ্টাৰৰ সফলতা, নিৰ্বাচন, বিৰোধীক তুলাধুনা অনেক কামৰ বাবেই তাৰ দৰে দুৰ্ভগীয়াৰ এটা ভাইৰেল ভিডিঅ’ই গা ল’ৰাব নোৱাৰে এইসকল নেতা-পালিনেতাৰ।

কিন্তু তথাপি এতিয়া আক্ষেপ কাৰো নাই। কাৰণ সকলোৱে বিচাৰে আজি আৰক্ষীক ‘অ’ আংকল’ বুলি ১০ মিনিট ৰ’বলৈ কোৱা ল’ৰাটোৰ বাবে কাইলৈ ১০ ঘণ্টা অপেক্ষা কৰিবলগীয়া হওক এইসকল নেতা-পালিনেতাই।

কিছু হ’লেও এতিয়া তাৰ দিন সলনি হ’ব। জন্মৰ প্ৰমাণপত্ৰ নথকাৰ বাবেই হেনো সি স্কুললৈ যাব পৰা নাছিল। এতিয়া অন্ততঃ সি পঢ়িব পাৰিব।

তাক আৰু তাৰ পৰিয়ালৰ আশ্ৰয় দিব বিচৰা কোনোবা এজনৰ আশীষ মূৰত লৈ হয়তো সি এখন ঘৰো পাব।

যেতিয়া তাৰ ভিডিঅ’টো ভাইৰেল হৈছিল- তেতিয়া বহুতৰে ভয় হৈছিল- জানোছা তাৰ চকুৰ সন্মুখত ঘটা এনেবোৰ ঘটনাই এদিন তাৰ মনটোকে বিদ্ৰোহী কৰি তোলে!

এতিয়া অন্ততঃ সেই ভয় দূৰ হ’ব। ইমান জনৰ আশীষ লাভৰ পাছত সি জানো বিদ্ৰোহৰ বাটেৰে গতি ল’ব পাৰিব?

তাৰ বাবে ভাল দিন ঘূৰি আহিব। ঘূৰি আহিব।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!