কইনাধৰাত মুখ্যমন্ত্ৰীৰ সৈতে কি আলোচনা কৰিলে বিধায়ক অখিল গগৈয়ে? সবিশেষ চাওক…

কইনাধৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ বিধায়ক অখিল গগৈৰ।

শিৱসাগৰ সমষ্টিৰ বিভিন্ন সমস্যাক লৈ আলোচনা কৰা হয় বৈঠকত।

গুৱাহাটীৰ কইনাধৰা ৰাজ্যিক অতিথিশালাত উপস্থিত হৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈয়ে।

বৈঠকৰ অন্তত অলোচনাৰ বিষয়ে সাংবাদিকৰ আগত সদৰি কৰে বিধায়ক অখিল গগৈয়ে।

অখিল গগৈয়ে কয়- এতিয়ালৈ ৪ খন স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীক প্ৰদান কৰিছো।

মেডিকেল কলেজ, বিশ্বৰ ঐতিহাসিক ঠাই, পুৰাতাত্বিক সমলৰ উন্নয়ন, বিদ্যালয়ৰ উন্নয়ন শিক্ষক নিযুক্তি, ৰাস্তাঘাট, শিৱদৌলৰ উন্নয়ন, ৰংঘৰ উন্নয়ন বিচাৰি সাক্ষাৎ কৰা বুলি সদৰি কৰে বিধায়কগৰাকীয়ে।

থাওৰাৰ নিৰ্বাচনৰ সময়ত মেডিকেল কলেজ হ’ব বুলি মুখ্যমন্ত্ৰীয়ে হঠাৎ ঘোষনা কৰি দিছিল। এইখন অন্য এখন হ’ব নে শিৱসাগৰ মেডিকেল খনকে তালৈ নিয়া হ’ব সেই বিষয়ে সোধা হৈছিল। এই বিষয়ত স্পষ্ট উত্তৰ নাপালোঁ বুলি গগৈৰ মন্তব্য।

শিৱসাগৰক state heritage site হিচাপে ঘোষণা কৰিবলৈ দাবী অখিলৰ।

দুবছৰৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব শিৱসাগৰ কলেজ বিশ্ববিদ্যালয় কৰণ প্ৰক্ৰিয়া।

টাই মিউজিয়ামৰ বাবে অতি শীঘ্ৰে টকা দিয়াৰ কথা ঘোষনা কৰিছে মুখ্যমন্ত্ৰীয়ে।

শিৱসাগৰত একোৱেই নাই,কিন্তু পর্যায়ক্ৰমে সকলো কাম কৰাৰ আশ্বাস মুখ্যমন্ত্ৰীৰ।

স্বাস্থ্য বিভাগৰ সমস্যা সমূহ সমাধানৰ অতি শীঘ্ৰে বিষয়াসকলক বৈঠকত বহিবলৈ নিৰ্দেশ দিয়া বুলি মন্তব্য।

সুহীদ আচঁনিৰ ধনক লৈও আলোচনা।

কৰ্কট ৰোগী আৰু ছাত্ৰ- ছাত্ৰী সকলক দিব লগা ধনৰ বাবে বহু দিনৰ আগতে ৰণোজ পেগুক স্মাৰক পত্ৰ দিয়া হৈছিল। কিন্তু গুৰুত্ব দিয়া নাছিল। আজি মুখ্যমন্ত্ৰীয়ে এই কাম অতি সোনকালে কৰিবলৈ নিৰ্দেশ দিয়ে।

ৰাস্তা ঘাট সমূহ ভাল কৰি দিবৰ বাবে নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে।

৫ বছৰ ভিতৰত মই কোৱা সকলো কাম কৰি দিম বুলি মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছে।

শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বিষয়টোত গুৰুত্ব দিয়ে আলোচনাত।

শিৱসাগৰত কাম কৰিবলৈ জিলা প্ৰশাসনে অখিল গগৈক অসুবিধা দি আছে। মুখ্যমন্ত্ৰীক ইয়াৰ অভিযোগ দিয়া হৈছে বুলি গগৈৰ মন্তব্য।

ৰাজনীতিৰ কথা কোনো আলোচনা হোৱা নাই বুলিও মন্তব্য কৰে অখিল গগৈয়ে।

Leave a Comment