কংগ্ৰেছ ত্যাগ নকৰাকৈ বিজেপিলৈ গমন ৰহাৰ বিধায়ক শশীকান্ত দাস…

পুনৰ কংগ্ৰেছ ত্যাগ কৰিব আন এজন বিধায়কে।

ৰহাৰ কংগ্ৰেছ বিধায়ক শশীকান্ত দাসে ত্যাগ কৰিব কংগ্ৰেছ।

শীঘ্ৰেই শশীকান্ত দাসে বিজেপিত যোগদানৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

কংগ্ৰেছ ত্যাগ নকৰাকৈ বিজেপিলৈ গমন ৰহাৰ বিধায়কৰ।

ৰূপজ্যোতি কুৰ্মী, সুশান্ত বৰগোহাঁইৰ পিছতে এইবাৰ ৰহাৰ বিধায়ক শশীকান্ত দাসে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত চামিল হবলৈ আগবাঢ়িছে।

অৱশ্যে বৰ্তমানলৈ কংগ্ৰেছ দল ত্যাগ কৰা নাই শশীকান্ত দাসে। কংগ্ৰেছত থাকিয়েই চৰকাৰৰ সৈতে থাকিব ৰহাৰ বিধায়কগৰাকী।

সংবাদ মেলত মুখ্যমন্ত্ৰীয়ে কয় যে, ৰহাৰ বিধায়ক শশীকান্ত দাসে সমষ্টি উন্নয়নৰ স্বাৰ্থত চৰকাৰৰ লগত থাকি কাম কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছে। তেওঁ চৰকাৰক সকলো ক্ষেত্ৰতে সহযোগিতা আগবঢ়াব।

অৱশ্যে এই ক্ষেত্ৰত ইয়াকো কয় যে, বিধায়কগৰাকীয়ে এতিয়াই কংগ্ৰেছ দল ত্যাগ নকৰে। তেওঁ বিধায়ক পদো ত্যাগ নকৰে। বিধায়ক হিচাপে চৰকাৰৰ লগত থাকিয়ে চৰকাৰক সকলো ধৰণে সহযোগিতা আগবঢ়াই যাব।

সংবাদমাধ্যমৰ আগত বিধায়ক শশীকান্ত দাসে কয়, ৰহা সমষ্টি উন্নয়নৰ প্ৰসংগত মুখ্যমন্ত্ৰীক তেওঁ সাক্ষাৎ কৰিছিল আৰু তেওঁৰ সকলো কথাকেই মুখ্যমন্ত্ৰী শৰ্মাই গুৰুত্বসহকাৰে লৈছে। তেওঁ চৰকাৰখনৰ সকলো যোগাত্মক কাম আৰু মুখ্যমন্ত্ৰীৰ সকলো চিন্তাধাৰাৰ লগত একাত্ম হৈ সমষ্টি আগবঢ়াই নিবলৈ চেষ্টা চলাব।

ইফালে বিজেপিত যোগদান কৰাৰ প্ৰসংগত তেওঁ কয় যে, এতিয়াই দল ত্যাগ কৰাৰ প্ৰসংগ অহা নাই। এতিয়া কেৱল সমষ্টি উন্নয়ৰ বিষয়টোক হে গুৰুত্ব প্ৰদান কৰা হৈছে। তেওঁ বৰ্তমান কংগ্ৰেছ দলতেই থাকি সমষ্টি উন্নয়নৰ স্বাৰ্থত চৰকাৰৰ পক্ষত থাকি চৰকাৰৰ সকলো কাম-কাজত সহযোগিতা আগবঢ়াই যাব বুলি মন্তব্য কৰে।

আনহাতে কংগ্ৰেছ দলৰ পৰা তেওঁ বহিষ্কাৰ কৰিল কি কৰিব বুলি সাংবাদিকে কৰা এক প্ৰশ্নত তেওঁ কয় যে, ড০ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যখনৰ সকলোৰে মুখ্যমন্ত্ৰী। সমষ্টি উন্নয়নৰ স্বাৰ্থতহে তেওঁক সাক্ষাৎ কৰিছে। তেওঁ বিজেপিত যোগদান কৰা নাই। সোমবাৰে পুৱা মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ সময়ত তেওঁ ঘৰৰ পৰা অনা চেলেং চাদৰ আৰু গামোচাৰে সম্বৰ্ধনা জনোৱাৰ কথা উল্লেথ কৰি কয় যে, মুখ্যমন্ত্ৰীগৰাকীয়েও তেওঁক গামোচাৰে স্বাগতম জনাইছে। তেওঁক বিজেপিৰ দলীয় পতাকাৰে আদৰণি জনোৱা নাই। গতিকে তেওঁ বিজেপিত এতিয়াও যোগদান কৰা নাই। বৰ্তমানলৈকে সকলো কথা উন্নয়ন আৰু চৰকাৰৰ প্ৰসংগতে সীমাবদ্ধ হৈ আছে। দল ত্যাগ কৰা নকৰাৰ প্ৰসংগ অহা নাই।

Leave a Comment