কংগ্ৰেছ ত্যাগ কৰি মই বাচিছো, এতিয়া জাতিৰ সেৱা কৰিছোঃ পীযূষ হাজৰিকা

কংগ্ৰেছৰ আঙুলিত ধৰিয়েই ৰাজনীতিৰ অ-আ ক-খ শিকিছিল মন্ত্ৰী পীযুূষ হাজৰিকাই। কিন্তু এতিয়া দিনটোত এবাৰ হ’লেও কংগ্ৰেছৰ বিৰুদ্ধে নক’লে হয়তো ৰাতি ভালকৈ টোপনিয়েই নাহে তেওঁৰ।

এইবাৰ কংগ্ৰেছৰ বৰ্তমানৰ অৱস্থাৰ কথা কৈ নিজে কংগ্ৰেছ এৰি ভাল কৰা বুলি মন্তব্য কৰে ৰাজ্য চৰকাৰৰ বহুবল্কী মন্ত্ৰী পীযূষ হাজৰিকাই।

সংবাদ মাধ্যমৰ সন্মুখত তেওঁৰ স্বভাৱসুলভ ইতিকিঙৰ সুৰত তেওঁ কয়, ‘কংগ্ৰেছৰ যি অৱস্থা… কংগ্ৰেছ ত্যাগ কৰি বাচিছোঁ মই।’

এতিয়া বিজেপিত থাকি জাতিৰ হকে সেৱা কৰিবলৈ সক্ষম হোৱা বুলিও মন্তব্য কৰে মন্ত্ৰীজনে।

আনহাতে কংগ্ৰেছৰ ভাৰত জোড়ো আন্দোলনকো উপহাস কৰি মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে এয়া ভাৰত জোড়ো হ’লে তাৰ মাজতে কাজিয়া নালাগিলহেঁতেন।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক ভৱিষ্যৎদ্ৰষ্টা হোৱা হ’লে ভাৰত জোড়ো আন্দোলনত কাজিয়া হোৱাৰ পূৰ্বেও তেওঁ গম পালেহেঁতেন বুলিও মন্তব্য কৰে পীযুূষ হাজৰিকাই।