অসম
কংগ্ৰেছ এতিয়া শূন্য, ভূপেন বৰা আমাৰ দললৈ আহক, নহ’লে বিজেপিলৈ যাওকঃ বদৰুদ্দিন আজমল

‘কংগ্ৰেছ আৰু নাই, কংগ্ৰেছ এতিয়া শূন্য। ভূপেন বৰা আমাৰ দললৈ আহক, নহ’লে বিজেপিলৈ যাওক।’
‘কংগ্ৰেছ শেষ হৈ গৈছে, দলটো বচাবলৈ ভূপেন বৰাৰ দৰে মানুহবোৰক আঁতৰাব লাগিব৷ আমাৰ দল সকলোৰে বাবে খোলা আছে৷’
এই মন্তব্য AIUDF ৰ প্ৰধান বদৰুদ্দিন আজমলে।
লগতে তেওঁ কয়- আমি অকলে যুঁজিম, নিৰ্বাচনত কংগ্ৰেছ হাৰিয়ে আছে। নিৰ্বাচনৰ সময়ত কাৰ পেটৰ বিষ হয়, ঠিক নাই৷
আনহাতে ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত দুখ প্ৰকাশ কৰে আজমলে।
তেওঁ প্ৰধানমন্ত্ৰী মোদীক ৰাজ্যৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ আহ্বান জনায়।
আজমলে কয়- ‘মই প্ৰধানমন্ত্ৰীক অনুৰোধ কৰিছো, অসমৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰক। বান পৰিস্থিতিৰ এৰিয়েল ছাৰ্ভে কৰক।’