কংগ্ৰেছ-এজেপিৰ নাম পাহৰি পেলাইছে মাজুলীবাসীয়েঃ মুখ্যমন্ত্ৰী

নিউজ ডেস্ক। “মাজুলীত এতিয়া উন্নয়নৰ ধুমুহা বলিছে। কংগ্ৰেছ-অজাপৰ নাম মাজুলীবাসী ৰাইজে পাহৰি পেলাইছে। গতিকে এতিয়া আৰু তেওঁলোকৰ কথা মনত পেলাই দিব নালাগে।”

মাজুলীৰ উপ-নিৰ্বাচনক লৈ এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰধানমন্ত্ৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত মাজুলীত ৰাজ্য চৰকাৰে সৰ্বাংগীন উন্নয়ন সম্ভৱ কৰা বুলি মন্তব্য কৰে।

FLs67nqakAEyHHb
কংগ্ৰেছ-এজেপিৰ নাম পাহৰি পেলাইছে মাজুলীবাসীয়েঃ মুখ্যমন্ত্ৰী 2

যোৱা ৬ বছৰত কংগ্ৰেছ-অজাপক ৰাইজে পাহৰি পেলাইছে বুলি মন্তব্য কৰি মাজুলীৰ উপ-নিৰ্বাচনত বিৰোধীক একপ্ৰকাৰ নসাৎ কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে।

আনহাতে ২০২৬ৰ নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত মাজুলীলৈ দলঙেৰে যোৰহাটৰ পৰা আহি বিহপুৰীয়া হৈ ওলাই যোৱাৰ ইচ্ছাৰ কথাও ব্যক্ত কৰিলে হিমন্ত বিশ্ব শৰ্মাই।

Leave a Comment