fbpx
অসম

কংগ্ৰেছৰ ৰাজ্যসভাৰ প্ৰাৰ্থী হ’ব ৰিপুণ বৰা, সংগ্ৰহ কৰিছে মনোনয়ন…

পুনৰ ৰাজ্যসভাৰ প্ৰাৰ্থীৰূপে কংগ্ৰেছৰ প্ৰক্ষেপ ৰিপুন বৰাক। প্ৰদেশ কংগ্ৰেছে হাইকমাণ্ডলৈ প্ৰেৰণ কৰা ৫ গৰাকী প্ৰাৰ্থীৰ ভিতৰত চূড়ান্ত কৰা হৈছে ৰিপুণ বৰাৰ নাম।

উল্লেখ্য যে, অহা ৩১ মাৰ্চত সমগ্ৰ দেশৰ লগতে অসমৰো দুখন আসনৰ বাবে অনুষ্ঠিত হব ৰাজ্যসভাৰ নিৰ্বাচন।

এই নিৰ্বাচনৰ পৰিপ্ৰক্ষিতত প্ৰাৰ্থী বাচনিক লৈ বুধবাৰে সন্ধিয়া এখন বৈঠক অনুষ্ঠিত কৰে প্ৰদেশ কংগ্ৰেছে।

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিধানসভাৰ দলপতি দেৱব্ৰত শইকীয়া আৰু প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন উপস্থিত থকা বৈঠকখনত ৰাজ্যসভা আসনৰ বাবে ৫ গৰাকী প্ৰাৰ্থীৰ নাম বাচনি কৰি দিল্লীলৈ প্ৰেৰণ কৰা হয়।

তাৰ পিছতে ৰিপুণ বৰা ৰাজ্যসভাৰ প্ৰাৰ্থী হোৱাটো আজি প্ৰায় চূড়ান্ত হৈ পৰিছে।

অৱশ্যে এতিয়াও এই সন্দৰ্ভত কোনো আনুষ্ঠানিক ঘোষণা কংগ্ৰেছৰ তৰফৰ পৰা কৰা নাই যদিও খবৰ অনুসৰি ইতিমধ্যে মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছে ৰিপুণ বৰাই। মনোয়নপত্ৰ দাখিলৰ অন্তিম তাৰিখ হৈছে ২১ মাৰ্চ।

উল্লেখ্য যে, বুধবাৰে বৈঠকত অংশ লোৱাৰ পিছত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি ৰাজ্যসভাৰ নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থীগৰাকী ৪২টা ভোটত জয়লাভ কৰিব বুলি মন্তব্য কৰিছিল।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!