কংগ্ৰেছৰ ৮০ শতাংশ নেতাই চোৰ-ডকাইতঃ মন্ত্ৰী পীযুষ হাজৰিকা

নিউজ ডেস্ক। “কংগ্ৰেছৰ প্ৰায় ৮০ শতাংশই চোৰ-ডকাইত!”

ৰাজনীতিত বোকা চটিওৱাৰ খেল নতুন নহয়। কিন্তু বৰ্তমানৰ ৰাজনীতিত অভিযোগ-প্ৰত্যাভিযোগৰ চৰম পর্যায়ে স্বাভাৱিকতে এই আশংকা বৃদ্ধি কৰিছে যে মূল্যবোধৰ ৰাজনীতি আজি হেৰাই গ’ল নেকি!

বৰ্তমানৰ বিজেপি চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ হৈছিল কংগ্ৰেছৰ পৰাই। একালত কংগ্ৰেছৰ নীতি-আদৰ্শৰ প্ৰতি প্ৰভাৱিত হোৱা নেতাজন আজি বিজেপিৰ নীতি আদৰ্শৰ প্ৰতি প্ৰভাৱিত।

এদিন কংগ্ৰেছক নিকা ৰাজনৈতিক দল বুলি ভবা সকলেই আজি বিজেপিত থাকি কংগ্ৰেছৰ লেতেৰা ৰাজনীতিৰ সমালোচনা কৰে।

দল সলনি হলে এনেদৰেই সলনি হয় চিন্তা আৰু আদর্শও। যাৰ বাবেই একালৰ কংগ্ৰেছ নেতা তথা এতিয়াৰ বিজেপি মন্ত্ৰী পীযুষ হাজৰিকাই দাবী কৰিলে- কংগ্ৰেছৰ ৮০ শতাংশই চোৰ-ডকাইত বা তেনে লোকৰ বংশধৰ।

দৰাচলতে ৰাজ্যত মূল্যবৃদ্ধি, নিবনুৱা সমস্যাৰ মাজতে নগাঁৱত এনকাউণ্টাৰৰ নামত এজন যুৱকক আৰক্ষীয়ে গুলিবিদ্ধ কৰাৰ ঘটনা সংঘটিত হয়। মাতৃৰ বাবে ঔষধ আনিবলৈ যোৱা কীৰ্তি কমল বৰা নামৰ প্ৰাক্তন ছাত্ৰ নেতাজনক ঘৰৰ নিচেই সমীপতে আৰক্ষীয়ে গুলিবিদ্ধ কৰে। যাৰ ফলত বৰ্তমানো গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে কীৰ্তিকমল।

ৰাজ্যত সৃষ্টি হোৱা এনে অৰাজকতাপূৰ্ণ পৰিবেশৰ বিৰুদ্ধে মাত মাতি গণতন্ত্ৰ দিৱসৰ দিনা এটা স্বৰচিত কবিতা পাঠ কৰি সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰীক সমালোচনা কৰিছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই।

ভূপেন বৰাই “মই ফায়াৰ ব্ৰিগেড হম” শীৰ্ষক কবিতাটো আওৰাই কৈছিল- মুখ্যমন্ত্ৰীয়ে য’ত য’ত জুই জ্বলাব, তাত ভূপেন বৰাই ফায়াৰ ব্ৰিগেড হৈ জুই নুমুৱাব।

ভূপেন বৰাৰ এই মন্তব্য সন্দৰ্ভত সাংবাদিক প্ৰতিক্ৰিয়া বিচৰাত মন্ত্ৰী পীযুষ হাজৰিকাই ভূপেন বৰাক পানী নথকা ফায়াৰ ব্ৰিগেড বুলি প্ৰত্যাক্ৰমণ কৰে।

দৰাচলতে, বৃহস্পতিবাৰে অসম চৰকাৰৰ জলসম্পদ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই ধেমাজি আৰু লখিমপুৰ জিলাৰ কেবাটাও অঞ্চল ভ্ৰমণ কৰি জলসম্পদ বিভাগৰ অধীনত চলি থকা বান আৰু গৰাখহনীয়া নিয়ন্ত্ৰণৰ কেবাটাও কামৰ অগ্ৰগতিৰ প্ৰত্যক্ষভাৱে বুজ লয়।

মন্ত্ৰীগৰাকীয়ে ধেমাজি জিলাৰ জোনাই সমষ্টিৰ ঐৰামঘাট অঞ্চলত উপস্থিত হৈ অঞ্চলটোত ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ বাবে চলি থকা সুৰক্ষা কাৰ্য আৰু পাৰ্কুপাইন বান্ধ পৰিদৰ্শন কৰি কাম ক্ষীপ্ৰ গতিত আৰু ভালদৰে কৰিবৰ বাবে বিভাগীয় বিষয়া-অভিযন্তাক নিৰ্দেশ দিয়ে। ইয়াৰ পাছতে তেওঁ বেৰাচাপৰি অঞ্চলত উপস্থিত হৈ SOPD-G ৰ অধীনত প্ৰায় সাত কোটি টকা ব্যয়েৰে নিৰ্মীয়মান মথাউৰিৰ কামৰ অগ্ৰগতিৰ বুজ লৈ সোনকালে এই কাম সম্পূৰ্ণ কৰাৰ বাবে বিভাগীয় নিৰ্দেশনা প্ৰদান কৰে।

আনহাতে জোনাই সমষ্টিৰ অন্তৰ্গত গাই নদীৰ পাৰত নিৰ্মীয়মান মথাউৰি পৰিদৰ্শন কৰি মন্ত্ৰী পীযুষ হাজৰীকাই নদীখনৰ কাষৰীয়া অঞ্চলক বানপানীৰ পৰা স্থায়ী সুৰক্ষা দিবৰ বাবে আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰেৰে নিৰ্মিত মথাউৰিৰ কামৰ মানৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নকৰিবলৈ বিভাগীয় অভিযন্তা আৰু ঠিকাদাৰক নিৰ্দেশ দিয়ে ।

পৰিদৰ্শনকালত সাংবাদিকৰে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে ধেমাজি জিলাত বান আৰু খহনীয়া নিয়ন্ত্ৰণৰ বাবে চৰকাৰে এই বৰ্ষত প্ৰায় ১৫০ কোটি টকাৰ প্ৰকল্প হাতত লৈছে আৰু এই কামসমূহ অতি সোনকালে সম্পূৰ্ণ কৰিব পৰা হ’ব বুলি তেঁও আশাবাদী।

আনহাতে দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল নীতি মানি, তেঁও মন্ত্ৰী হৈ থকাপৰ্যন্ত জলসম্পদ বিভাগত কোনো ধৰণৰ দুৰ্নীতি হ’বলৈ নিদিয়ে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

বিভাগীয় কামৰ ক্ষেত্ৰত মন্ত্ৰীয়ে নিজেও নীতি বহিৰ্ভূত হস্তক্ষেপ নকৰে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বিভাগীয় কামৰ এক নিৰ্দিষ্ট নিয়ম থাকে আৰু সেই নিয়ম অনুসৰিয়েই কামবোৰ কৰা হৈ আছে।

সেই সময়তে ভূপেন বৰাৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্ত্ৰীগৰাকীয়ে গোটেই কংগ্ৰেছ দলটোকে (প্ৰায় ৮০ শতাংশ বুলি তেওঁ মন্তব্য কৰে) চোৰ-ডকাইতৰে ভৰপূৰ বুলিও দাবী কৰে।

হাজৰিকাৰ মতে, কংগ্ৰেছৰ অৱশিষ্ট প্ৰায় ৮০ শতাংশই চোৰ-ডকাইত বা তেনে লোকৰ বংশধৰ। সেয়েহে চৰকাৰে যেতিয়া অপৰাধীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে, তেতিয়া ভূপেন বৰাই হত্যাকাৰী-ধৰ্ষণকাৰীৰ পৰা প্ৰেছাৰ পাই সিহঁতক বচাবলৈ চাৰ্ট খুলি, উলংগ হৈ আন্দোলন কৰে।

মন্ত্ৰী পীযুষ হাজৰিকাৰ মতে, কংগ্ৰেছৰ এনে কাৰ্য অসমীয়া ৰাইজে চাই আছে আৰু প্ৰতিটো নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দি আহিছে।

লক্ষণীয়ভাৱে বিৰোধীক থকা-সৰকা কৰাৰ প্ৰয়াস কৰা পীযুষ হাজৰিকা বা বিজেপি চৰকাৰৰ বৰ্তমান সময়ৰ অধিকাংশ প্ৰভাৱশালী মন্ত্ৰী-নেতা-বিধায়কেই এসময়ৰ কংগ্ৰেছী। কিন্তু দল সলনিৰ লগে লগে তেওঁলোকৰ মুখৰ কথাও সলনি হৈছে।

ক্ষমতাত থাকি নিকা হোৱা এইসকল নেতাও পূৰ্বে কংগ্ৰেছত থকাৰ সময়ত চোৰ-ডকাইত বা তেনে লোকৰ বংশধৰ হোৱা ৮০ শতাংশৰ ভিতৰত পৰিছিল নেকি সেই প্ৰশ্নও এতিয়া উত্থাপন হব।

Leave a Comment