কংগ্ৰেছৰ মানুহবোৰৰ পেটহে বাঢ়িছে, ৰাজীৱ ভৱনত চূণ-তেল দিবলৈ মইয়ে ১০হাজাৰ দি দিমঃ ৰূপজ্যোতি কুৰ্মী

পুনৰ কংগ্ৰেছ দলক তীব্ৰ সমালোচনা বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ।

সাংবাদিকৰ প্ৰশ্নত বিধায়ক গৰাকীয় কয়- ভূপেন বৰাৰ কথা আপোনালোকে কিয় শুধে বাৰু। ভূপেন বৰাই কংগ্ৰেছ দলটো শেষ কৰি দিলে। বিধানসভা নিৰ্বাচন, লোকসভা নিৰ্বাচন সকলোতে পৰাজয় হোৱা, কবিতা আবৃত্তি কৰা অলপ মতিভ্ৰম হোৱা লোকজনক কিয় দলটোৰ সভাপতিৰ দায়িত্ব দি থৈছে, সেইটোতে মই আচৰিত হৈছো।

ভূপেন বৰাৰ নেতৃত্বত কংগ্ৰেছ কেতিয়াও প্ৰধান বিৰোধী দল হ’ব নোৱাৰে বুলি মন্তব্য কৰ বিধায়কগৰাকীয়ে কয় যে, ভূপেন বৰাক দলৰ পৰা আঁতৰাই নিদিলে দলটো নস্যাৎ হৈ যাব। বাৰে বাৰে পৰাজয় হৈ থকা ভূপেন বৰাৰ কংগ্ৰেছ দলৰ সভাপতিৰ দায়িত্বত থকাৰ নৈতিক দায়িত্ব নাই।

তেওঁ কয়- ৰাজীৱ ভৱনৰ অৱস্থা দেখি দুখ লাগিছে। ৰাজীৱ ভৱনত চূণ-তেল দিবলৈ মইয়ে ১০হাজাৰ দি দিম৷। একালত কংগ্ৰেছত আছিলো নহয়।

কংগ্ৰেছৰ মানুহবোৰৰ পেটহে বাঢ়িছে বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে।

কুৰ্মীয়ে লগতে কয়- কবিতা আবৃত্তি কৰি নিজৰ নাম নিজেই শেষ কৰিছে ভূপেন বৰাই।