
নিউজ ডেস্কঃ অতি শীঘ্ৰে বিজেপিত যোগ দিব কংগ্ৰেছৰ অধ্যক্ষ নিৰ্বাচিত শশী থাৰুৰক ভোটদান কৰা কংগ্ৰেছ নেতাসকলে।
শনিবাৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সন্মুখত এই দাবী কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
কংগ্ৰেছৰ অধ্যক্ষ নিৰ্বাচনত শশী থাৰুৰৰ পক্ষত ভোটদান কৰা এহাজাৰ কংগ্ৰেছী নেতাইহে প্ৰকৃততে গণতন্ত্ৰত বিশ্বাসী বুলি দাবী কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে এই অধ্যক্ষ নিৰ্বাচনৰ ফলাফল ভোট গণনাৰ পূৰ্বেই নিশ্চিত হৈ আছিল।
ইফালে মুখ্যমন্ত্ৰী শৰ্মাৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ দি কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেয়ে কয় যে যি সকলৰ যুঁজিবলৈ সাহস নাথাকে, তেওঁলোকেহে বিজেপিৰ কথাত প্ৰলোভিত হ’ব পাৰে। কিন্তু যিসকলৰ যুঁজিবলৈ সাহস আছে, তেওঁলোক কেতিয়াও বিজেপিমুখী নহয়।
উল্লেখ্য যে, অক্টোবৰ মাহত অনুষ্ঠিত কংগ্ৰেছৰ অধ্যক্ষ পদৰ নিৰ্বাচনত শশী থাৰুৰক প্ৰায় ৬ হাজাৰ ভোটত পৰাস্ত কৰি অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছিল জ্যেষ্ঠ কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গে।
ইয়াৰ লগে লগে সুদীৰ্ঘ ২৪ বছৰৰ পিছত গান্ধী পৰিয়ালৰ বাহিৰৰ প্ৰথমগৰাকী অধ্যক্ষ হিচাপেও নিযুক্ত হয় মল্লিকাৰ্জুন খাৰ্গে।