কংগ্ৰেছেহে ভাৰতৰ দ্বিখণ্ডিত কৰিছিল, ৰাহুল গান্ধীয়ে পাকিস্তানত কৰক ভাৰত জোড়ো যাত্ৰাঃ মুখ্যমন্ত্ৰী

কংগ্ৰেছে সমগ্ৰ দেশজুৰি আজিৰে পৰা আৰম্ভ কৰিব ‘ভাৰত জোড়ো যাত্ৰা’।
বিজেপিৰ বিৰুদ্ধে দেশবাসীক একত্ৰিত কৰিবলৈ আৰম্ভ কৰা এই যাত্ৰাক নেতৃত্ব প্ৰদান কৰিব ৰাহুল গান্ধীয়ে।
ৰাহুল গান্ধীৰ নেতৃত্বত বাহিৰ হ’বলগীয়া এই ভাৰত জোড়ো যাত্ৰাক লৈ দেশৰ ৰাজনীতিত চৰ্চা তীব্ৰতৰ হোৱাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক মন্তব্যই বিশেষ চৰ্চা লাভ কৰিছে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে, ৰাহুল গান্ধীয়ে ভাৰত জোড়ো আন্দোলন পাকিস্তানত হে কৰিব লাগে।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই কৈছে- ৰাহুল গান্ধীয়ে ভাৰত নহয়, পাকিস্তানত বাহিৰ কৰিব লাগে ভাৰত জোড়ো আন্দোলন।ভাৰত সদায় একত্ৰিত হৈ আছে। কংগ্ৰেছেহে ভাৰতৰ দ্বিখণ্ডিত কৰিছিল। সেয়ে ৰাহুল গান্ধীয়ে পাকিস্তানত এই যাত্ৰা কৰিব লাগে।
উল্লেখ্য যে, এই যাত্ৰাত ৰাহুল গান্ধীক সংগ দিব কংগ্ৰেছ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ লগতে কংগ্ৰেছ দলটোৰ জ্যেষ্ঠ নেতাসকলে।
কন্যাকুমাৰীৰ পৰা আৰম্ভ হ’বলগীয়া এই যাত্ৰা শেষ হ’ব কাশ্মীৰত।