কংগ্ৰেছত যি কেইজন আছে অলপ মৰম কৰিলেই যোগদান কৰিব বিজেপিতঃ পিয়ুষ হাজৰিকা…

ৰাজ্যত সমাগত পৌৰসভা নিৰ্বাচন।

পৌৰসভা নিৰ্বাচনক লৈ সাজু হৈছে শাসক বিৰোধী প্ৰতিটো ৰাজনৈতিক দল।

বুধবাৰে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ শিৱসাগৰত উপস্থিত হয় মন্ত্ৰী পিয়ুষ হাজৰিকা।

৭খনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছক কঠোৰ সমালোচনা কৰে মন্ত্ৰী হাজৰিকাই।

তেওঁ কয়- ‘শিৱসাগৰৰ ১০ টা ৱাৰ্ডতে বিজেপিয়ে জয় লাভ কৰিব। এই কথা গ্যেৰান্টী।

লগতে তেওঁ কয় যে, ‘কাকো ভয় ভাবুকি দিয়াৰ প্ৰয়োজন নাই, খেলিবলৈয়ে মানুহ নাই কংগ্ৰেছৰ। বৰ্তমান কংগ্ৰেছত যি কেইজন আছে অলপ মৰম কৰিলেই যোগদান কৰিব বিজেপিত।’

উল্লেখ্য যে কংগ্ৰেছে বিজেপি সন্দৰ্ভত বিভিন্ন অভিযোগ উত্থাপন কৰি আহিছে।

Leave a Comment