কংগ্ৰেছত পুনৰ মোক্ষম আঘাত! কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে হাৰ্দিক পেটেলে…

কংগ্ৰেছত পুনৰ মোক্ষম আঘাত।

কংগ্ৰেছ দল আৰু সকলো পদ ত্যাগ কৰিলে হাৰ্দিক পেটেলে।

গুজৰাট কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি আছিল পেটেল।

টুইটযোগে হাৰ্দিক পেটেলে সদৰী কৰে এই কথা।

1038psOO?format=jpg&name=small

টুইটত তেওঁ লিখিছে- ‘আজি মই কংগ্ৰেছ দলৰ পদ আৰু দলৰ প্ৰাথমিক সদস্যপদৰ পৰা পদত্যাগ কৰিছো। মই বিশ্বাসী যে মোৰ এই সিদ্ধান্তক মোৰ প্ৰতিজন সহকৰ্মী আৰু গুজৰাটৰ ৰাইজে আদৰণি জনাব। মোৰ এই পদক্ষেপৰ পিছত, মই ভৱিষ্যতে গুজৰাটৰ বাবে সঁচাকৈয়ে ইতিবাচকভাৱে কাম কৰিবলৈ সক্ষম হ’ম।’

Image

ইতিমধ্যে হাৰ্দিক পেটেলে পদত্যাগ পত্ৰ ছোনিয়া গান্ধীলৈ প্ৰেৰণ কৰিছে।

উল্লেখ্য যে, গুজৰাটৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে হাৰ্দিক পেটেলৰ পদত্যাগে কংগ্ৰেছক এক ডাঙৰ আঘাত দিছে।

Leave a Comment