fbpx
অসমঅসমীয়া

কংগ্ৰেছত আকৌ দলত্যাগৰ জোৱাৰ! এইবাৰ কংগ্ৰেছ ত্যাগ প্ৰাক্তন মন্ত্ৰী খৰসিং ইংতিৰ

নিউজ ডেস্ক। শেহতীয়াকৈ সম্পন্ন হোৱা কাৰ্বি আংলং স্বয়িত্ব শাসিত পৰিষদৰ নিৰ্বাচনতো মুখথেকেছা খাবলগীয়া হল কংগ্ৰেছে।

ইটোৰ পিছত সিটো নিৰ্বাচনত কংগ্ৰেছৰ এনে শোচনীয় পৰাজয়ে ভাৰতৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দলটোৰ প্ৰতি মোহভংগ ঘটাইছে নেতা-কৰ্মীৰ।

দলটোৰ পৰাজয়ৰ যাত্ৰাৰ পিছত দলীয় নীতি-আদৰ্শৰ প্ৰতি প্ৰশ্নৰ অৱতাৰণা কৰি ইজনৰ পিছত সিজন জ্যেষ্ঠ নেতা-কৰ্মীয়ে কংগ্ৰেছ ত্যাগ কৰা পৰিলক্ষিত হৈছে।

G2 8

এনে সময়তে এইবাৰ দলত্যাগ কৰিলে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী খৰসিং ইংতিয়ে।

কাৰ্বি আংলং নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয়ৰ পিছত খৰসিং ইংতিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, এসময়ত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ঘনিষ্ঠ হিচাপে পৰিচিত খৰসিং ইংতিয়ে হাওৰাঘাট বিধানসভা সমষ্টিৰ পৰা দুবাৰকৈ নিৰ্বাচিত হৈছিল আৰু তৰুণ গগৈ চৰকাৰৰ মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!