ওভতনি যাত্ৰাপথত দুৰ্ঘটনাগ্ৰস্ত বৰযাত্ৰীৰ গাড়ী, এজনৰ মৃত্যু, আহত ৪

নিউজ ডেস্ক। দুদিন পূৰ্বে নগাঁও জিলাৰ কলিয়াবৰত পথ দুৰ্ঘটনাত দৰাৰ জ্যেষ্ঠ ভাতৃৰ শােকাৱহ মৃত্যুৰ ঘটনাৰ পাছতে এইবাৰ দৰং জিলাত বৰযাত্ৰীৰ বাহন দুৰ্ঘটনাত পতিত হােৱাৰ খবৰ পােৱা গৈছে।

এই দুৰ্ঘটনাত কইনা পক্ষৰ এজন লােকৰ মৃত্যু হােৱাৰ লগতে চাৰিজন লােক আহত হৈছে।

জানিব পৰা মতে, দৰঙৰ ঘভৰা দলংঘাটত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা।

G4

বিবাহ সম্পন্ন কৰি ন-কইনা লৈ ঘৰলৈ ওভতাৰ পথত সংঘটিত দুৰ্ঘটনাত কইনাপক্ষৰ এজনৰ ঘটনাস্থলীতে মৃত্যু হয় আৰু চাৰিজন গুৰুতৰভাৱে আহত হয়।

নিহত লােকজনৰ নাম জয়নাথ শৰ্মা (৩৫)।

জানিব পৰা মতে, ওদালগুৰি জিলাৰ কচুবিল সোণাপানীত নিশা বিয়া সমাপ্ত কৰি দৰঙৰ বড়বৰীলৈ উভতি আহিছিল বৰযাত্ৰীৰ দলটো।

দৰা-কইনাৰ পাছে পাছে আহি থকা এ এছ১৫ জি-৪৫১৭ নম্বৰৰ হোণ্ডা গ্ৰেণ্ড আইটেন গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই দিপীলা বড়বৰী পথৰ গভৰা দলংঘাটত পুলত খুন্দা মাৰে।

দুৰ্ঘটনাত বাহনখনত আছিল কইনাপক্ষৰ লোক।

দৰা পক্ষৰ ঘৰ পাবলৈ প্ৰায় ডেৰ কিলোমিটাৰ থকাত সংঘটিতি দুৰ্ঘটনাটোত জয়নাথ শৰ্মা নিহত হোৱাৰ উপৰি শৰ্মা (১৯),ৰূপজ্যোতি শৰ্মা (১৫), মিতালি শৰ্মা (তুনু) (২১) আৰু দীপক শৰ্মা (৩০) আহত হয়।

আহতসকলক ১০৮ সেৱাৰে উত্তৰ সগুৱাহাটীৰ জিএনআৰচিত ভৰ্তি কৰা হয়।

ইফালে, গাড়ীখনৰ চালক দীপক শৰ্মাৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে তেওঁক জি এম চি এইচলৈ প্ৰেৰণ কৰে।

নিহত জয়নাথৰ ঘৰ পাথৰিঘাটৰ বৰমপুৰত বুলি জানিব পৰা গৈছে।

লগতে চাওকঃ

আৰক্ষী বিষয়া হোৱাৰ সপোন আছিল কীৰ্তিকমলৰ! কিন্তু এতিয়া সপোন সপোন হৈয়ে ৰৈ যাব…

G1

সুধাকণ্ঠৰ গীতৰ দৰেই সম্পন্ন হ’ল এখন বিশেষ বিয়া, উখল-মাখল কােকৰাঝাৰ

G10

Leave a Comment