ঐতিহাসিক ৰায়দান! নৃশংস হত্যাকাণ্ডত অভিযুক্ত ১৫ জন লোকক যাৱজ্জীৱন কৰাদণ্ড…

নলবাৰীৰ জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতে ঐতিহাসিক ৰায়দান।

২০১০ চনত সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঐতিহাসিক ৰায় প্ৰদান কৰে নলবাৰীৰ জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতে।

২০১০ চনত নলবাৰীৰ কৈঠালকুছিত সংঘটিত হৈছিল এই নৃশংস ঘটনা।

গাওঁখনৰ এগৰাকী মহিলাৰ সতে ধনমনি হালৈ নামৰ যুৱক এজনৰ অবৈধ সম্পৰ্কৰ ঘটনাক লৈ সংঘটিত হৈছিল বৰ্বৰ হত্যাকাণ্ডটো।

পিছত স্থানীয় ৰাইজে ৰাজহুৱা বিচাৰ সভা অনুষ্ঠিত কৰি ঘটনাটোৰ মীমাংসা কৰিব বিচাৰিছিল যদিও ৰাজহুৱা বিচাৰৰ ৰায় মানি লোৱা নাছিল অভিযুক্ত যুৱকজনৰ পিতৃয়ে।

উক্ত ঘটনাৰ পিছত অভিযুক্ত যুৱক ধনমনি হালৈৰ পিতৃ মহেশ হালৈক নৃশংসভাৱে হত্যা কৰি পেলাই থৈ আহিছিল।

প্ৰায় ৬০ বছৰীয়া মহেশ হালৈৰ দেহৰ ওপৰত নৃশংস, বৰ্বৰ , অমানৱীয় আক্ৰমণ চলাই হত্যা কৰাৰ পিছত বেলশৰ থানাত ৰুজু হৈছিল গোচৰ।

২০১০ চনত বেলশৰ থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত আৰক্ষীয়ে ১৮ জন লোকক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল।

সেইমৰ্মে নলবাৰী জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতত ৰুজু হোৱা 62/12 নং গোচৰ আৰু ভাৰতীয় দণ্ডবিধি আইনৰ 147/447/323/149/302 ধাৰা মৰ্মে সুদীৰ্ঘ ৮ বছৰৰ অন্তত আজি ঐতিহাসিক ৰায় প্ৰদান কৰে জিলা ও সত্ৰ ন্যায়াধীশ শ্ৰীমতী শৰ্মিলা ভূঞাৰ আদালতে ।

নলবাৰীৰ জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা সকল ক্ৰমে ৰমেশ কাকতি (৭০) , ধীৰাজ হালৈ (৩৫) , দানীৰাম হালৈ (৭৫) , জ্যোতিৰ্ময় দাস (৩৫) , মুকুল দাস (৩৩) , দীনেশ হালৈ (৬০) , সুৰজিত হালৈ (৩০) , প্ৰনব হালৈ (৩৩) , কুলদীপ হালৈ (৩০) , দিলীপ হালৈ (৫০) , কৰুণা তালুকদাৰ (৪৫) , ধৰনী হালৈ (৬৫) , কামেশ্বৰ তালুকদাৰ (৬০) , ভূপেন হালৈ (৫০) , আৰু অৰবিন্দ হালৈ।

দীনেশ হালৈ আৰু সুৰজিত হালৈ পিতা-পুত্ৰ হোৱাৰ বিপৰীতে প্ৰনব হালৈ আৰু কুলদীপ হালৈ দুয়ো ভাই ককাই।

মুঠ ১৮ গৰাকী অভিযুক্তৰ ভিতৰত তিনি গৰাকী অভিযুক্তৰ ইতিমধ্যে মৃত্যু ঘটিছে।

পিতৃ মহেশ হালৈক নৃশংসভাৱে হত্যা কৰা সন্দৰ্ভত বেলশৰ থানাত গোচৰ তুলিছিল পুত্ৰ ধনমনি হালৈয়ে।

এজাহাৰকাৰী ধনমনি হালৈয়েও ইতিমধ্যে আত্মহত্যা কৰিছে কিছু বছৰ পূৰ্বে।

নলবাৰীৰ জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতে আজি ঐতিহাসিক ৰায়দান কৰাৰ পিছতে আদালত চৌহদত এক হাহাকাৰময় অৱস্থাৰ সৃষ্টি হয়।

Leave a Comment