অসম
ঐতিহাসিক জেৰেঙা পথাৰত বজ্ৰ পৰি ৪ টাকৈ ম’হৰ কৰুণ মৃত্যু…

শিৱসাগৰ জিলাৰ ঐতিহাসিক জেৰেঙা পথাৰত সংঘটিত হৈছে এক শোকাৱাহ ঘটনা।
বজ্ৰপাতৰ ফলত এজন কৃষকৰ ৪ টাকৈ পোহনীয়া ম’হৰ মৃত্যু ঘটিছে।
বুধবাৰে নিশা অহা ধুমুহা-বৰষুণৰ সময়তে বজ্ৰ পৰি মৃত্যু ম’হ কেইটাৰ।
ম’হকেইটাৰ গৰাকী হৈছে বুধেশ্বৰ বৰা নামৰ এজন কৃষক।
শালি খেতিৰ পূৰ্বে কৃষি কাৰ্যৰ মূল আহিলা ম’হ চাৰিটাৰ মৃত্যু ঘটাত শোকত ভাগি পৰিছে দুৰ্ভগীয়া কৃষকজনৰ পৰিয়ালটো।
লগতে কৃষক বুধেশ্বৰ বৰাই চৰকাৰ তথা প্ৰশাসনক তেওঁৰ পৰিয়ালটোক সহায় কৰিবলৈ অনুৰোধ জনাইছে।
উল্লেখ্য যে, বিগত কিছু দিনৰ পৰা অব্যাহত থকা নেৰা নেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত যথেষ্ট ক্ষতিসাধন হৈছে।