অসম
এ আই ইউ ডি এফ দলৰ ভোট বেংক হ’ল অনুপ্ৰৱেশকাৰী মুছলমানঃ জয়ন্ত মল্ল বৰুৱা…

মঙলবাৰে বিলাসীপাৰাৰ উপস্থিত হয় ধুবুৰীৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা।
কোকৰাঝাৰৰ কেবিনেট বৈঠকৰ পিছত বিলাসীপাৰাৰ বেলতলী উপৰটাৰীত ভূ-মাফিয়াৰ আক্ৰমণত নিহত হোৱা ছপিলুদ্দিন শ্বেখৰ পৰিয়ালৰ কাষত উপস্থিত হয় মন্ত্ৰীগৰাকী।

মন্ত্ৰীগৰাকীয়ে মৃত ছপিলুদ্দিনৰ ঘৰত উপস্থিত হৈ পৰিয়ালবৰ্গৰ সৈতে মত বিনিময় কৰে।
লগতে মৃত ছপিলুদ্দিনৰ পৰিয়ালক মুখ্যমন্ত্রীৰ সাহায্য পুঁজিৰ পৰা পাঁচ লাখ টকাৰ চেক প্ৰদান কৰে।

সাংবাদিকৰ প্ৰশ্নত প্ৰসংগক্ৰমে মন্ত্ৰীগৰাকীয়ে কয়- ‘বদৰুদ্দিন আজমলৰ দলে কেতিয়াও দেশী।জনগোষ্ঠীয় লোকৰ ওচৰত থিয় হ’ব নোৱাৰে। খিলঞ্জীয়াৰ ওপৰত অত্যাচাৰ কোনোপধ্যে সহ্য কৰা নহ’ব।’
অনুপ্ৰৱেশকাৰী মুছলমান এ আই ইউ ডি এফ দলৰ ভোট বেংক বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।