এয়া মদ নহয় মলম, দুখ দূৰ কৰে! সুৰাপানৰ ভিডিঅ’ ভাইৰেল হােৱাৰ পিছতে গ্ৰেপ্তাৰ যুৱতী

নিউজ ডেস্কঃ বিহাৰত নিষিদ্ধ সুৰা। কিন্তু তাৰ পিছতো সুৰাৰ গোপন সৰবৰাহ আৰু বিক্ৰী অব্যাহত আছে ৰাজ্যখনত।

প্ৰতিদিনেই ৰাজ্যখনৰ আৰক্ষী আৰু আবকাৰী বিভাগে জব্দ কৰিছে হাজাৰ হাজাৰ লিটাৰ অবৈধ সুৰা। কেতিয়াবা যদি পানীৰ টেংকাৰত, কেতিয়াবা আকৌ বাইকৰ তেল টেংকীত পেট্ৰ’লৰ সলনি উদ্ধাৰ হৈছে সুৰা।

daru
এয়া মদ নহয় মলম, দুখ দূৰ কৰে! সুৰাপানৰ ভিডিঅ’ ভাইৰেল হােৱাৰ পিছতে গ্ৰেপ্তাৰ যুৱতী 2

বিহাৰত সুৰা নিষিদ্ধ হৈ থকা সময়তে এইবাৰ ভাইৰেল হৈ পৰিল এটা বিশেষ ভিডিঅ’।

দুগৰাকী যুৱতীয়ে হাতত সুৰাভৰ্তি গিলাচ লৈ মদৰ ৰাগীত মাতাল হৈ পৰাৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ। আন এটা ভাইৰেল ভিডিঅ’ত সুৰাৰ ৰাগীত নাচি থকা দেখা গৈছে একেগৰাকী যুৱতীক।

বাতৰি অনুসৰি, ভাইৰেল ভিডিঅ’টোত দেখা পোৱা যুৱতীগৰাকী বিহাৰৰ খগড়িয়াৰ নিৱাসী বুলি জানিব পৰা গৈছে।

হাতত সুৰাভৰ্তি গিলাচ লৈ যুৱতীগৰাকীয়ে দোৰল খোৱা জিভাৰে কৈছে- ‘এয়া হৈছে মদ। ইয়ে কেৱল দুখ দূৰ কৰে। বেয়া মানুহক আঁতৰাই ভাল মানুহক কাষলৈ চপাই আনে।’

ভিডিঅ’ত কথাখিনি এগৰাকী যুৱতীয়ে ক’লেও তেওঁৰ কাষতে দেখা গৈছে আন এগৰাকী যুৱতীক। নিশ্চিতভাৱে কেমেৰাৰ পিছফালেও আছে এজন বা ততোধিক যুৱক।

আনটো ভাইৰেল ভিডিঅ’ত যুৱতীগৰাকীক নাচি থকা দেখা গৈছে।

সামাজিক মাধ্যমত এই ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে নেটিজেনে।

বিহাৰত সুৰা নিষিদ্ধকৰণ কঠোৰভাৱে বলবৎ কৰাৰ পিছতো কেনেকৈ এই যুৱতী কেইগৰাকীয়ে সুৰা ক্ৰয় কৰিব পাৰিলে, তাক লৈ প্ৰশ্ন তুলিছে অনেকেই।

আনহাতে যুৱতীগৰাকীৰ কৰ্মকাণ্ড পোহৰলৈ অহাৰ পিছত আৰক্ষীয়ে দুয়োগৰাকী যুৱতীক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে।