‘এয়া আদালতৰ কাম নেকি?’ গৰুক জাতীয় পশু ঘোষণা কৰাৰ বাবে দাখিল কৰা আবেদন খাৰিজ কৰি আবেদনকাৰীক ধমক উচ্চতম ন্যায়ালয়ৰ…

নিউজ ডেস্কঃ গৰুক ৰাষ্ট্ৰীয় পশু হিচাপে ঘোষণা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিয়াৰ বাবে আদালতত দাখিল কৰা আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ।

সোমবাৰে ন্যায়াধীশ এছ কে কৌল আৰু ন্যায়াধীশ অভয় এছ ওকাৰৰ বিচাৰপীঠে এই আবেদন খাৰিজ কৰাই নহয়, বৰং আবেদকাৰীকো তীক্ষ্ণ ভৎসৰ্না কৰে।

উল্লেখ্য যে, ‘গোবংশ সেৱা সদন’কে ধৰি কেইবাটাও সংগঠনে উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰি গৰুক জাতীয় পশু হিচাপে ঘোষণা কৰাৰ বাবে কেন্দ্ৰলৈ নিৰ্দেশ প্ৰদান কৰাটো বিচাৰিছিল।

তদুপৰি গো-বধত মৌলিক অধিকাৰ খৰ্ব কৰা হৈছে বুলিও আবেদনখনত উল্লেখ কৰা হৈছিল।

কিন্তু দুই ন্যায়াধীশৰ বিচাৰপীঠে বিষয়টো সন্দৰ্ভত কেন্দ্ৰৰ মতামত বিচাৰি আবেদনখন খাৰিজ কৰে।

একে সময়তে আবেদনকাৰী পক্ষৰ অধিবক্তাক ধমক দি আদালতে কয়, “এয়া আদালতৰ কাম নেকি?” এনে আবেদন কেনেকৈ কৰিব পাৰি? ইয়াত কি কি মৌলিক অধিকাৰ উলংঘা কৰা হৈছে?”

এনে আবেদনৰ বাবে আবেদনকাৰীক জৰিমনা বিহিব লাগে বুলিও উল্লেখ কৰে উচ্চতম ন্যায়ালয়ে। আবেদন প্ৰত্যাহাৰ নকৰিলে জৰিমনা বিহা হব বুলি সকীয়াই দিয়ে আদালতে।