এয়াই ভাৰতীয় সেনা! তেজ দি জীৱন বচালে এজন গুলীবিদ্ধ পাকিস্তানী সন্তাসবাদীৰ…

নিউজ ডেস্কঃ ভাৰতীয় সেনাৰ মহানুভৱতাই সময়ে সময়ে প্ৰভাৱিত কৰিছে সমগ্ৰ দেশবাসীক। কেতিয়াবা যদি শ্বহীদ বন্ধুৰ ভগ্নীৰ বিয়াৰ সমস্ত দায়িত্ব মূৰ পাতি লৈছে, কেতিয়াবা আকৌ অশীতিপৰ বৃদ্ধাক বোকোচাত তুলি উদ্ধাৰ কৰিছে ভাৰতীয় সেনাই। সেয়ে ভাৰতীয় সেনা সদায় ভাৰতীয়ৰ মানত ৰিয়েল হিৰ’।

এইবাৰ এজন গুলীবিদ্ধ সন্ত্ৰাসবাদীৰ জীৱন ৰক্ষা কৰি মহানুভৱতাৰ পৰিচয় দিছে ভাৰতীয় সেনাই। জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ এলঅ’চিত পলায়নৰ সময়তে ভাৰতীয় সেনাৰ গুলীত আহত হৈছিল পাকিস্তানৰ এজন সন্ত্ৰাসবাদী।

কিন্তু ভাৰতীয় সেনাই সন্ত্ৰাসবাদীজনক মৃত্যুৰ বাবে এৰি নিদি চিকিৎসালয়ত ভৰ্তি কৰে। আৰু সন্ত্ৰাসবাদীজনৰ অধিক ৰক্তক্ষৰণৰ বাবে তেজৰ প্ৰয়োজন হোৱাত ভাৰতীয় সেনা জোৱানে ৰক্তদান কৰি সন্ত্ৰাসবাদীজনৰ জীৱন ৰক্ষা কৰে।

image 181
এয়াই ভাৰতীয় সেনা! তেজ দি জীৱন বচালে এজন গুলীবিদ্ধ পাকিস্তানী সন্তাসবাদীৰ… 3

হাস্পতালত চিকিৎসাধীন হৈ থকা সন্ত্ৰাসবাদীজন লাহে লাহে সুস্থ হৈ উঠিছে বুলি জানিবলৈ দিয়ে চিকিৎসকে। ৰাজৌৰীৰ সামৰিক চিকিৎসালয়খনৰ কমাণ্ডেণ্ট ব্ৰিগেডিয়াৰ ৰাজীৱ নায়েৰে কয় যে সন্ত্ৰাসবাদীজনক এজন সাধাৰণ ৰোগীৰ দৰেই চিকিৎসা প্ৰদান কৰি থকা হৈছে।

সেনাৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, বৰ্তমান ৰাজৌৰীৰ সামৰিক হাস্পতালত চিকিৎসাধীন হৈ থকা সন্ত্ৰাসবাদীজন হৈছে পাক অধিকৃত কাশ্মীৰৰ কোটলিৰ ছাবজকোট গাঁৱৰ নিৱৱাসী ৩২ বৰ্ষীয় তাবাৰক হুছেইন। দেওবাৰে সীমান্ত পাৰ হৈ ভাৰতীয় সেনাৰ চাউনীত আক্ৰমণ কৰিবলৈ অহাৰ সময়তে নৌছেৰাত গ্ৰেপ্তাৰ কৰা হৈছিল তাবাৰকক।

image 182
এয়াই ভাৰতীয় সেনা! তেজ দি জীৱন বচালে এজন গুলীবিদ্ধ পাকিস্তানী সন্তাসবাদীৰ… 4

আন কেইজনমান সন্ত্ৰাসবাদীৰ সৈতে ভাৰতত প্ৰৱেশ কৰা তাবাৰকে ভাৰতীয় সেনাৰ সৈতে সংঘৰ্ষৰ পিছত পলায়নৰ চেষ্টা কৰোতেই কান্ধ আৰু উৰুত গুলী লাগে। ইয়াৰ পিছতে সন্ত্ৰাসবাদীজনক ৰাজৌৰীৰ সামৰিক হাস্পতালত ভৰ্তি কৰোৱা হয়। অধিক ৰক্তৰক্ষণৰ বাবে সন্ত্ৰাসবাদীজনক তেজ দিবলগীয়া হয় ভাৰতীয় সেনাই।

ইফালে পাকিস্তানী সন্ত্ৰাসবাদীজনক ভাৰতীয় সেনাৰ ওপৰত আক্ৰমণ কৰিবলৈ এজন পাকিস্তানী কৰ্ণেলে ৩০ হাজাৰ টকা দিছিল বুলি জানিবলৈ দিয়ে তাবাৰক হুছেইনে। সন্ত্ৰাসবাদীজনে স্বীকাৰ কৰা মতে, পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ কৰ্ণেল ইউনুছ চৌধুৰীয়ে ভাৰতীয় সেনাৰ পোষ্টত আক্ৰমণৰ বাবে তেওঁক ভাৰতলৈ প্ৰেৰণ কৰিছিল।

উল্লেখ্য যে, পাকিস্তানী সেনাৰ এটা চোৰাংচোৱা ইউনিটতো কাম কৰা তাবাৰক হুছেইনক সীমান্তৰ সিপাৰৰ পৰা ভাৰতত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰাৰ সময়তে ৬ বছৰ পূৰ্বেও আটক কৰা হৈছিল। হুছেইনে সন্ত্ৰাসবাদৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্কৰ কথা স্বীকাৰ কৰি কয় যে তেওঁক পাকিস্তান সেনাৰ মেজৰ ৰাজাকে প্ৰশিক্ষণ দিছিল।