fbpx
অসমীয়াঅসম

এহাল নৱ বিবাহিত দম্পতীৰ বদন্যতা! বিয়াৰ অভ্যৰ্থনাৰ দিনটোত ৰাইজৰ বাবে এম্বুলেন্স দান দৰা প্ৰতিম আৰু কইনা ডিম্পীৰ…

নিউজ ডেস্কঃ জীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ দিনটোত সামাজিক দায়বদ্ধতাৰ পৰিচয় দি এহাল নৱ বিবাহিত দম্পতীয়ে ৰাইজৰ সেৱাৰ বাবে আগবঢ়ালে এখন এম্বুলেন্স।

তিনিচুকীয়া জিলাৰ ডাঙৰীৰ সমীপৰ মেগেলা গাঁৱৰ এই দম্পতীহালৰ বদন্যতাই এতিয়া মন জয় কৰিছে সকলোৰে।

সমান্তৰালভাৱে তেওঁলোকৰ এই মহানুভৱতাই ৰাজ্যজুৰি লাভ কৰিছে চৰ্চা।

উল্লেখ্য যে, সুদীৰ্ঘ দিন ভালপোৱাৰ এনাজৰীৰে বান্ধ খাই থাকি অৱশেষত যোৱা ২৩ ফেব্ৰুৱাৰীত বিবাহ পাশত আৱদ্ধ হয় মেগেলা গাঁৱৰ নিৱাসী বিমল সোণোৱালৰ পুত্ৰ তথা যুৱ ব্যৱসায়ী প্ৰতিম সোণোৱাল।

তালাপৰ জীয়ৰি ডিম্পী সোণোৱালৰ সৈতে সামাজিক ৰীতি-নীতিৰে বিবাহ সম্পন্ন কৰাৰ পিছত ২৫ ফেব্ৰুৱাৰীত স্বগৃহত আয়োজন কৰা হয় বিয়াৰ অভ্যৰ্থনা অনুষ্ঠান।

প্ৰতিম আৰু ডিম্পীৰ জীৱনৰ বিশেষ দিনটো স্মৰণীয় কৰি ৰখাৰ উদ্দেশ্যে আৰু বৃহত্তৰ ডাঙৰী অঞ্চলবাসী ৰাইজৰ সুবিধা হোৱাকৈ দুয়োজনে এখন এম্বুলেন্স প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

সেই অনুসৰিয়েই বিয়াৰ অভ্যৰ্থনা দিনটোত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য টংকেশ্বৰ সোণোৱালৰ দ্বাৰা ফিটা কাটি আনুষ্ঠানিকভাৱে মুকলি কৰা এই এম্বুলেন্সখন।

এই এম্বুলেন্সখন সমীপৱৰ্তী বৰপথাৰ গাঁওস্থিত খ্ৰীং খ্ৰীং বাইথ মন্দিৰৰ পৰিচালনা সমিতিৰ তত্ত্বাবধানত থাকিব বুলি জানিবলৈ দিছে দাতা তথা দৰা প্ৰতিম সোণোৱালে।

প্ৰতিম আৰু ডিম্পীৰ মহানুভৱ কাৰ্যই এতিয়া সমগ্ৰ অঞ্চলবাসীৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। লগতে সকলোৱে নৱ বিবাহিত দম্পতীহালৰ যুগ্ম জীৱনৰ শুভাশীষ প্ৰদান কৰিছে।

Related Articles

Back to top button