
নিউজ ডেস্কঃ এসময়ত নাম থকা ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ আছিল ৰাকেশ বৰা। দেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা পাঞ্জা খেল প্ৰতিযোগিতাত ভাগ লৈ সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱা পাঞ্জা খেলুৱৈ ৰাকেশ বৰাক মঙলবাৰে গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে।
দৰাচলতে প্ৰায় ২০ বছৰ পূৰ্বে সংঘটিত কৰা এক হত্যাকাণ্ডত দোষী সাব্যস্ত হোৱাৰ পিছত ১০ বছৰ পূৰ্বে কাৰাগাৰৰ পৰা পলায়ন কৰিছিল এসময়ৰ পাঞ্জা খেলুৱৈ ৰাকেশ বৰাই।
অপৰাধীজনে সুদীৰ্ঘ ১০ বছৰ অসম আৰু বহিঃৰাজ্যত আত্মগোপন কৰি থকাৰ পিছত অৱশেষত নিৰ্দিষ্ট খবৰৰ ভিত্তিত অভিযান চলাই মঙলবাৰে নিশা সোণাৰিৰ নিজা বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ২০০৪ চনৰ ২ আগষ্টত আন দুজন সহযোগীৰ সৈতে মিলি চৰাইদেউৰ যুৱ ব্যৱসায়ী ছাজিম আহমেদ ওৰফে জাহানুৰক নিৰ্মমভাৱে হত্যা কৰিছিল সোণাৰি পৌৰসভাৰ অন্তৰ্গত লাচিত (চেনি ওদাম) নগৰৰ নিৱাসী সুদক্ষ পাঞ্জা খেলুৱৈ ৰাকেশ বৰাই।

এই হত্যাকাণ্ড সংঘটিত কৰিয়েই ৰাকেশে নৱ বিবাহিতা পত্নীসহ মধ্যপ্ৰদেশৰ জব্বলপুৰত অনুষ্ঠিত হৈ থকা ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত ভাগ ল’বলৈ গৈছিল।
কিন্তু ঘটনাৰ দুদিন পিছত এই হত্যাকাণ্ড পোহৰলৈ অহাত আৰক্ষীয়ে ক্ষীপ্ৰতাৰে অভিযান চলাই ৮ আগষ্টত জব্বলপুৰৰ পৰাই গ্ৰেপ্তাৰ কৰে ৰাকেশ বৰা আৰু তেওঁৰ পত্নীক।
এই হত্যাকাণ্ড সন্দৰ্ভত আদালতত দিৰ্ঘদিনীয় গোচৰত অৱশেষত আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে হত্যাকাৰী ৰাকেশ বৰাক।
আনহাতে শিৱসাগৰ জিলা কাৰাগাৰত বন্দী হৈ থকা সময়তে ২০১৩ ফেব্ৰুৱাৰীত অসুস্থততাৰ নাটক ৰচে ৰাকেশে। অপৰাধীজনক চিকিৎসাৰ বাবে জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱাৰ সময়তে আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰিবলৈ সক্ষম হয়।
এই দুৰ্ধৰ্ষ অপৰাধীজনক মঙলবাৰে নিশা পুনৰ গ্ৰেপ্তাৰ কৰাৰ পিছতে বুধবাৰে চৰাইদেউ অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ অন্তত চৰাইদেউ ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰে। পাছত শিৱসাগৰ আৰক্ষীয়ে পলাতক কয়দী ৰাকেশক নিজৰ জিম্মালৈ নিয়ে।