এসপ্তাহৰ বাবে ৰাজ্যসভাৰ পৰা বৰ্খাস্ত হ’ল সাংসদ অজিত কুমাৰ ভূঞা…

সদনৰ পৰা বৰ্খাস্ত হ’ল সাংসদ অজিত কুমাৰ ভূঞা।
ৰাজ্যসভাত প্ৰতিবাদ কৰি বৰ্খাস্ত হ’ল সাংসদগৰাকী।
হাতত প্লে’কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবেই ৭ দিনৰ বাবে সদনৰ পৰা বৰ্খাস্ত কৰা হৈছে সাংসদ অজিত ভূঞাক।
ৰাজ্যসভাত ৬ নং দফা কাৰ্যকৰী কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল অজিত ভূঞা।
৬ নং দফাৰ উপৰিও বান সমস্যা, মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল অজিত কুমাৰ ভূঞাই।
সদনৰ ভিতৰত প্লে’কাৰ্ড প্ৰদৰ্শন কৰিছিল সাংসদগৰাকীয়ে।
I am being suspended from Rajya Sabha for this week for asking these two pertinent questions to PM with a placard today.
— Ajit Kumar Bhuyan (@AjitKrBhuyan) July 28, 2022
1) Don't give lollipops in the name of flood relief in Assam.
2) Where is Constitutional protection for Assamese people?
IMPLEMENT CLAUSE 6 COMMITTEE REPORT pic.twitter.com/LreYCLS8v7
বান সাহায্যৰ নামত অসমক ললিপপ নিদিব, অসমীয়া লোকৰ সাংবিধানিক সুৰক্ষা ক’ত আৰু ৬ নং দফাৰ কমিটিৰ প্ৰতিবেদন কাৰ্যকৰী কৰাৰ দাবীত প্লে’কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল ভূঞাই।
সাংসদ ভূঞাই টুইটযোগে নিজেই অহা এসপ্তাহৰ বাবে বৰ্খাস্ত হোৱা বুলি সদৰি কৰিছে।