এশ গৰু মাৰিলে বাঘৰো মৰণঃ জোনমণি ৰাভাৰ গ্ৰেপ্তাৰক লৈ প্ৰতিক্ৰিয়া বিধায়ক অমিয় কুমাৰ ভূঞাৰ

নিউজ ডেস্কঃ সময় বৰ নিষ্ঠুৰ। সময়ে কাক, কেতিয়া আকু ক’লৈ লৈ যায়, সেয়া ক’বলৈ টান। আৰক্ষীৰ উপ পৰিদৰ্শক জোনমণি ৰাভাৰ সৈতেই নিষ্ঠুৰ সময়ে খেলিলে খেল। বিধায়কক ধমক দি লেডী সিংঘম নাম পোৱা জোনমণি ৰাভা এতিয়া এজন অভিযুক্ত। সৌ সিদিনালৈকে সন্মান আৰু মৰমৰ দৃষ্টিৰে চোৱা সাধাৰণ জনতায়েই আজি জোনমণিক চাইছে ঘৃণা আৰু উপহাসৰ দৃষ্টিৰে।

ভাৱীস্বামী ৰাণা পগাগৰ সৈতে মিলি লাখ লাখ টকা সৰকোৱাৰ অভিযোগত অভিযুক্ত হৈছে জোনমণি ৰাভা। অৱশ্যে ভাৱীস্বামীক নিজেই গ্ৰেপ্তাৰ কৰোৱাই কিছুদিন পূৰ্বে ৱাহ ৱাহ লৈছিল জোনমণিয়ে। কিন্তু তেওঁ হয়তো তেতিয়াও জনা নাছিল যে দুৰ্দিনে দুৱাৰ মুখত তেওঁৰ বাবেও অপেক্ষা কৰি আছে।

Junmoni Rabha 5
এশ গৰু মাৰিলে বাঘৰো মৰণঃ জোনমণি ৰাভাৰ গ্ৰেপ্তাৰক লৈ প্ৰতিক্ৰিয়া বিধায়ক অমিয় কুমাৰ ভূঞাৰ 3

জোনমণি ৰাভাৰ দুটাকৈ বেংক একাউণ্টত ২০ লাখৰো অধিক টকা জমা হোৱাৰ তথ্য পোহৰলৈ অহাৰ পিছতে মাজুলীৰ গড়মূৰ আৰক্ষী থানাত তিনিদিন ধৰি সোধাপোছা চলোৱা হয় এছআই গৰাকীক। আৰু তাৰ পিছতে শনিবাৰে গ্ৰেপ্তাৰ কৰা হয় জোনমণি ৰাভাক।

এই সমগ্ৰ সময়ছোৱাত জোনমণি ৰাভাই নিজকে নিৰ্দোষী বুলি দাবী কৰি আহিছে। কেমেৰাৰ সন্মুখত হুকহুকাই কান্দিছে, নিজৰ ভুল স্বীকাৰো কৰিছে। কাৰোবাৰ ষড়যন্ত্ৰৰ বলি হোৱা বুলি জোনমণি ৰাভাই দাবী কৰিছে।

FUZqZWgVsAAc7oD
এশ গৰু মাৰিলে বাঘৰো মৰণঃ জোনমণি ৰাভাৰ গ্ৰেপ্তাৰক লৈ প্ৰতিক্ৰিয়া বিধায়ক অমিয় কুমাৰ ভূঞাৰ 4

বৰ্তমান জোনমণি ৰাভা নিৰ্দোষী বুলি পতিয়ন যাব পৰাটো তথ্যগত দিশৰ পৰা সম্ভৱ নহয়। এছআই গৰাকীৰ মন্তব্যৰ বিশ্বাস যোগ্যতা থাকিলেও নাই পৰ্যাপ্ত তথ্য প্ৰমাণ। যাৰ বাবে এতিয়া কোনেও জোনমণি ৰাভাক নিৰ্দোষী বুলি দবী কৰিব পাৰে। কিন্তু জোনমণি ৰাভা যদি কাৰোবাৰ ষড়যন্ত্ৰৰ বলি হৈছে, তেন্তে তাতো অস্বাভাৱিক হ’বলগীয়া একো নাই।

উল্লেখ্য যে, জোনমণি ৰাভা প্ৰথম চৰ্চালৈ আহিছিল তেতিয়া, যেতিয়া তেওঁ বিধায়ক অমিয় কুমাৰ ভূঞাক ফৌনিক ধমক দিছিল। শাসকীয় দলটোৰ বিধায়কগৰাকীক তেতিয়াৰ মাজুলীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাই ফোনতেই ধমক দিছিল। তাৰ পিছত সেই ফোন কল ৰেকৰ্ডিং ভাইৰেল হৈ পৰাৰ পিছতে লেডী সিংঘম নাম পাইছিল জোনমণি।

তাৰ পৰৱৰ্তী সময়ত সৌ সিদিনা নিজৰ ভাৱীস্বামীক গ্ৰেপ্তাৰ কৰোৱাই পুনৰ এগৰাকী সাহসী আৰক্ষী বিষয়া হিচাপে চৰ্চালৈ আহে জোনমণি। কিন্তু তাৰ পিছতে লাহে লাহে চন্দপতন ঘটে তেওঁৰ সময়ৰ।

এসময়ত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ পৰা ধমক খোৱা বিধায়ক অমিয় কুমাৰ ভূঞাইও এতিয়া জোনমণি ৰাভাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এশ গৰু মাৰিলে বাঘৰো মৰণ বুলি কৈ বিধায়কক ধমক দিয়াৰ পৰিণতি কি হ’ব পাৰে তাৰেই যেন গোপন ইংগিত দিছে বিধায়ক অমিয় কুমাৰ ভূঞাই।

সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি অমিয় ভূঞাই কয় যে জোনমণি ৰাভাৰ গ্ৰেপ্তাৰ প্ৰমাণ কৰিছে যে আইন সকলোৰে বাবে সমান। লেডী সিংঘম হিচাপে পৰিচিত হোৱা আৰক্ষী বিষয়াগৰাকীৰ গ্ৰেপ্তাৰে বুজাইছে যে তেওঁ ধোৱা তুলসীৰ পাত নহয়। এশ গৰু মাৰিলে বাঘৰো মৰণ নিশ্চিত।

বিধায়কগৰাকীয়ে কয়, ‘জোনমণি ৰাভা কেতিয়াবাই নিলম্বিত হ’ব লাগিছিল। সেই সময়তে তেওঁ আইন ভংগ কৰিছিল। আৰু সেই সময়তে তেওঁৰ বিৰুদ্ধে যথাবিহিত ব্যৱস্থা ল’ব লাগিছিল।’

তেওঁক ফোনত ধমক দিয়া কাৰ্য ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত আৰু সস্তীয়া জনপ্ৰিয়তাৰ বাবে কৰা হৈছিল বুলি মন্তব্য কৰি জোনমণি ৰাভাৰ বিৰুদ্ধে সৰৱ হৈ পৰে অমিয় ভূঞা। আইন হাতত তুলি ল’লে আইনে যে সুৰক্ষা দিব নোৱাৰে, সেয়াই জোনমণি ৰাভাৰ সৈতে প্ৰমাণ হ’ল বুলিও মন্তব্য কৰে বিধায়ক অমিয় কুমাৰ ভূঞা।

Leave a Comment