এল্ট’-ৱেগনাৰ বাহনৰ সংঘৰ্ষত বন বিষয়া মন্টু মেধিৰ মৃত্যু, আহত ৫ জন

নিউজ ডেস্ক। শােণিতপুৰ জিলাৰ তেজপুৰৰ বাটামাৰীত শনিবাৰে সংঘটিত এক পথ দুৰ্ঘটনাত এজন বন বিষয়াৰ মৃত্যু হােৱা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, তেজপুৰৰ বাটামাৰীত ৩৭ নং (ক) ৰাষ্ট্ৰীয় ঘাইপথত এল্ট’ আৰু ৱেগনাৰ বাহনৰ ভয়ংকৰ মুখামুখি সংঘৰ্ষ হয়।

P3

এই ভয়ংকৰ পথ দুৰ্ঘটনাত এজন লােক থিতাতে নিহত হোৱাৰ উপৰিও আন চাৰিজন লােক গুৰুতৰভাৱে আহত হয়।

নিহত লোকজনৰ নাম মণ্টু বৰা বুলি জানিব পৰা গৈছে। তেওঁ বন বিভাগৰ তেজপুৰ স্থিত সামাজিক বনানিকৰণ শাখাৰ সহকাৰী বনাঞ্চলিক বিষয়া হিচাপে কৰ্মৰত।

এই দুৰ্ঘটনাত আহত চাৰিজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

আহতসকলৰ নাম হৈছে- মনোজ বৰা, মুকুল মহন্ত, হেমন্ত দাস, পুতাই বৰদলৈ।

এইসকল আহতৰ আটাইকেইজনৰে ঘৰ গহপুৰ কলীবাৰীত বুলি জানিব পৰা গৈছে।

আনহাতে, আন এজন আহত ব্যক্তি হৈছে নগাঁৱৰ দেৱেশ্বৰ বৰা।

লগতে চাওকঃ

সৰস্বতী পূজালৈ যাওঁতে দুৰ্ঘটনাত মৃত্যু কলেজীয়া ছাত্ৰ সত্যজিত-ৰাহুলৰ, আহত এজন সতীৰ্থ

g3

Leave a Comment