অসমীয়াৰাষ্ট্ৰীয়

এয়াই সম্প্ৰীতি! ভাৰত জোড়ো যাত্ৰাত ৰাহুল গান্ধীক ভগৱান শিৱৰ প্ৰতিমূৰ্তি উপহাৰ এগৰাকী মুছলমান মহিলাৰ…

নিউজ ডেস্কঃ ভাৰত সম্প্ৰীতিৰ দেশ।

কিন্তু ৰাজনৈতিক স্বাৰ্থই সমগ্ৰ দেশত বিয়পাই দিয়া সাম্প্ৰদায়িক ৰাজনীতিৰ বিষাক্ত বতাহজাককেই দূৰলৈ খেদি পঠিয়াবলৈ আজিৰ পৰা প্ৰায় এশ দিন পূৰ্বে ৰাহুল গান্ধীয়ে আৰম্ভ কৰিছিল ভাৰত জোড়ো যাত্ৰাৰ।

কন্যাকুমাৰীৰ পৰা আৰম্ভ হৈ কাশ্মীৰত অন্ত পৰিবলগীয়া এই যাত্ৰাই ইতিমধ্যেই লাখ লাখ দেশবাসীৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছে।

জাতি-ধৰ্ম, উচ্চ-নীচৰ পৰিধি ভাঙি স্বেচ্ছাই এই ভাৰত জোড়ো যাত্ৰাৰ সৈতে জড়িত হৈ পৰিছে দেশবাসী।

সময়ে সময়ে এই যাত্ৰাৰ কেতবোৰ ভিডিঅ’ আৰু ফটোইও হৃদয় চুইছে দেশবাসীৰ।

তেনে এখন ফটোৱেই আকৌ এবাৰ যেন প্ৰমান কৰি দেখুৱালে যে ভাৰত সঁচাকৈয়ে এখন সম্প্ৰীতিৰ দেশ।

শুকুৰবাৰে কংগ্ৰেছে শ্বেয়াৰ কৰা এই ভাৰত জোড়ো যাত্ৰাৰ ফটোখনত এগৰাকী বুৰ্খা পৰিহিতা মুছলমান মহিলাই ৰাহুল গান্ধীক ভগৱান শিৱৰ এটা প্ৰতিমূৰ্তি উপহাৰ দিয়া দেখা গৈছে।

উল্লেখ্য যে, শুকুৰবাৰে ৰাজস্থান অতিক্ৰম কৰি হাৰিয়ানাত প্ৰৱেশ কৰিছে ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা।

শনিবাৰে এই যাত্ৰাই দিল্লীত প্ৰৱেশ কৰিব।

ইফালে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱিয়াই বিশ্বজুৰি আকৌ বৃদ্ধি পোৱা কোভিড আতংকৰ পৰিপ্ৰেক্ষিতত ভাৰত জোড়ো স্থগিত কৰিবলৈ ৰাহুল গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰিছে।

কিন্তু বিজেপিয়ে ভাৰত জোড়ো যাত্ৰাৰ সফলতাত ভীতিগ্ৰস্ত হৈয়ে কোৰোনাৰ আশ্ৰয় লৈছে বুলি মন্তব্য কৰিছে কংগ্ৰেছে।

Related Articles

Back to top button