fbpx
অসমঅসমীয়া

এম্বুলেঞ্চৰ সৈতে বাইকৰ মুখামুখি সংঘৰ্ষত মৃত্যু ২ যুৱকৰ

নিউজ ডেস্ক। বৰঝাৰ বিমানবন্দৰৰ নিচেই সমীপৰ কামৰূপ জিলাৰ পলাশবাৰী থানাৰ এলেকাধীন বঙৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।

এম্বুলেঞ্চ আৰু বাইকৰ মুখামুখী সংঘৰ্ষত মৃত্যু ২ যুৱকৰ।

p

জানিব পৰা মতে, মিৰ্জাৰ দিশৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথেৰে দুই যুৱক ক্ৰমে কৱিন্দ নাথ আৰু পাৰ্থ ঠাকুৰীয়াই বঙৰা অভিমুখে AS-25-Q-0968 নম্বৰৰ হিৰ’ গ্লেমাৰ বাইকযোগে গৈ থকাৰ সময়তে বিপৰীত দিশৰ পৰা অহা ML-08-C-9888 নম্বৰৰ এখন এম্বুলেঞ্চৰ সৈতে সংঘৰ্ষ হয়।

p4 5

এই সংঘৰ্ষ ইমানেই ভয়াৱহ আছিল যে দুয়ােখন বাহনে বিধ্বস্ত হৈ পৰাৰ লগতে বাইক আৰােহী পাৰ্থ ঠাকুৰীয়া নামৰ যুৱকৰ থিতাতে মৃত্যু ঘটে।

p3 8

আনহাতে, কৱিন্দ নাথ নামৰ আন এজন বাইক আৰােহী অতি সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও আদবাটতে মৃত্যুক আকোৱালি লয়।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!