অসমঅসমীয়া

এবছৰ উৰুকা ঘৰত পালন কৰিলে অসমীয়া জাতিটো থানবান হৈ নাযায়ঃ মুখ্যমন্ত্ৰী

ভোগালী বিহুক আদৰিবলৈ এতিয়া ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি চলিছে। ঢেকীৰ মাতে ৰজনজনাইছে গাঁৱৰ আকাশ-বতাহ। কিন্তু তাৰ মাজতে অসমীয়াৰ বাবে দুখৰ বতৰা লৈ আহিছে কোৰোনা মহামাৰীয়ে। ৰাজ্যত কোভিডৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ঘোষণা কৰিছে নতুন এছঅ’পি। এই এছঅ’পি অনুসৰি নিশা ১১ বজাৰ পৰা নিশা ৬ বজালৈ নৈশ সান্ধ্য আইন জাৰি কৰা হৈছে।

কিন্তু ভোগালী বিহু উদযাপনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জাৰি কৰি কৰিছিল কেতবোৰ নিৰ্দেশনা। নিশা ১০ বজাৰ পূৰ্বে ভোজভাত খাই পুৱা ৬ বজাৰ পিছত মেজি জ্বলাবলৈ ৰাজ্যবাসীক আহ্বান জনাইছিল মুখ্যমন্ত্ৰীয়ে। কিন্তু মুখ্যমন্ত্ৰীৰ এই আহ্বানৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ।

নৱবৰ্ষ উদযাপনৰ সময়ত শিথিলতা প্ৰদৰ্শন কৰা চৰকাৰখনে অসমীয়াৰ জাতীয় বিহুটি উদযাপনৰ সময়ত নিষেধাজ্ঞা আৰোপ কৰি অসমীয়া জাতিক অপমান কৰা বুলি অভিযোগ তুলিছিল বিভিন্ন দল-সংগঠন আৰু বিৰোধীয়ে।

ৰাজ্যজুৰি সৃষ্টি হোৱা সৃষ্টি প্ৰতিক্ৰিয়াৰ পিছতে অৱশেষত উৰুকাৰ নিশা নৈশ সান্ধ্য আইন কিছু শিথিল কৰাৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা অনুসৰি, উৰুকাৰ নিশা ১১ বজালৈকে ভেলাঘৰত থাকিব পাৰিব অসমীয়াই, আনহাতে পুৱা ৪ বজাতে মেজি জ্বলোৱাৰো অনুমতি দিয়া হৈছে। কিন্তু পিছত লকডাউন দিলে যাতে কোনো অসমীয়াই আপত্তি নকৰে বুলিও সকিয়াই দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আনফালে ৰাজ্য চৰকাৰে জাৰি কৰা এছঅ’পিক লৈ ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়াক লৈও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ অসমীয়া যুৱক-যুৱতীৰ কোভিড হ’বলৈ নিদিয়ে বুলি মন্তব্য কৰি কয় যে যিসকলে অসমীয়া ডেকা ল’ৰা সকলক ভেলাঘৰত ৰখোৱাই কোভিড আক্ৰান্ত কৰাব বিচাৰিছে, তেওঁলোকহে প্ৰকৃততে অসমীয়া বিৰোধী কাম কৰিছে। যিসকলে এছঅ’পিৰ বিৰোধিতা কৰিছে, তেওঁলোকে অসমীয়া ডেকাসকলৰ যাতে কোভিড নহয় সেয়া নিশ্চিত কৰাৰো আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘ভেলাঘৰলৈ আহি অসমীয়া ডেকাই কোভিডত আক্ৰান্ত হ’ব। ভেলাঘৰলৈ বাংলাদেশী অহা হ’লে, তেতিয়া বেলেগকৈ চিন্তা কৰা হ’লহেঁতেন। আজি ৰাজ্যখনৰ বাবে দুখৰ কথা যে মানুহৰ জীৱনক লৈও প্ৰতিযোগিতা কৰা হৈছে। যোৱাবাৰ আমি ব’হাগ বিহু পালন কৰিবলৈ দিছিলো, কিন্তু ৩১ ডিচেম্বৰ পালন কৰিবলৈ দিয়া নাছিলো। এইবাৰ মাঘ বিহু আগত আৰু ৩১ ডিচেম্বৰ পিচত অহা হ’লে আমি মাঘ বিহুৱেই পালন কৰিবলৈ দিলোহেঁতেন। এয়া অসমীয়া আৱেগ নহয়। খুব ঠেক ৰাজনীতি বুলি ইয়াকেই কয়।’

অসমত পুনৰ লকডাউন হ’ব নেকি সেই সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, ‘আমি জীৱন আৰু জীৱিকা দুয়োটাৰ বাবে চিন্তা কৰি আছো। যিমান দিনলৈ পৰা যায়, লকডাউন নিদিয়াকৈ চলিব লাগে। কিন্তু মানুহে যদি কয় যে মাঘবিহু কৰিবলৈ দিয়ক, সাংস্কৃতিক সন্ধিয়া কৰিবলৈ দিয়ক, তেতিয়া লকডাউনৰ পৰ্যায়লৈ আহি যাব। আৰু লকডাউন হ’লে অসমীয়াৰে ক্ষতি হব। গতিকে অসমীয়াত্বৰ কথা কোৱাসকলে অকণমান চিন্তা কৰা উচিত।’

আনহাতে ৰাজ্য চৰকাৰৰ মন্ত্ৰী ডা০ ৰণোজ পেগুৱে সোমবাৰে আয়োজন কৰা বৰভোজক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে বৰভোজ পাতি কোনো বীৰত্বৰ কাম কৰা নাই। এয়া বেয়া কাম কৰিছে। তেওঁ মন্ত্ৰীগৰাকীক এই বিষয়ে অৱগত কৰা বুলিও মন্তব্য কৰে। তেওঁ কয়, ‘বৰভোজ পাতি কোনো বীৰত্বৰ কাম কৰা নাই। আজি যিসকলৰ কোভিড হ’ব তেওঁলোক বিজেপিৰে কৰ্মী।’ গতিকে বৰভোজ পাতি মাছ খোৱালে নে বিহ খোৱালে বুলিও ৰাজ্য চৰকাৰৰে মন্ত্ৰী ডা০ ৰণোজ পেগুক সমালোচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে যদি অসমীয়াক আমি ভাল পাও, যদি অসমীয়াৰ আমি কোভিড হোৱাটো নিবিচাৰো তেন্তে এবছৰৰ বাবে উৰুকাৰ ভোজ ভাত ঘৰত খালেই অসমীয়া জাতিটো এৰাতিৰ ভিতৰতে থান বান হৈ নাযায়।

Related Articles

Leave a Reply

Your email address will not be published.

Back to top button