
নিউজ ডেস্কঃ বিবাহৰ আন এক অৰ্থ হৈছে প্ৰজন্মক আগুৱাই নিয়া।
অৱশ্যেই সন্তানৰ বিয়াৰ পিছত নাতি-নাতিনীৰ সৈতে কিছু সুখৰ মুহূৰ্ত উপভোগ কৰি জীৱনৰ একাকীকত্বক দূৰ কৰিব বিচাৰে পিতৃ-মাতৃয়েও।
সেয়েহে প্ৰায়ে বিয়াৰ পিছত পুত্ৰ-বোৱাৰীক নাতি-নাতিনীৰ মুখ দেখাবলৈ জোৰ দিয়াটো ভাৰতীয় সমাজ ব্যৱস্থাত তেনেই সাধাৰণ কথা।
কিন্তু সন্তান জন্ম নিদিয়াৰ বাবেই পুত্ৰ-বোৱাৰীৰ পৰা ৫ কোটি টকা ক্ষতিপূৰণ দাবী কৰাৰ কথা আপুনি শুনিছেনে? বিশ্বাস নহ’লেও এয়া ভাৰত ভূমিৰে ঘটনা। এই ঘটনা সংঘটিত হৈছে উত্তৰাখণ্ডৰ হৰিদ্বাৰত।
হৰিদ্বাৰৰ সঞ্জীৱ ৰঞ্জন প্ৰসাদ নামৰ এগৰাকী অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী আৰু তেওঁৰ পত্নীয়ে নিজৰ পুত্ৰ-বোৱাৰীৰ পৰা সন্তান জন্ম নিদিয়াৰ বিনিময়ত বিচাৰিছে ৫ কোটি টকাৰ ক্ষতিপূৰণ। বৰ্তমান আদালতত বিচাৰাধীন হৈ আছে এই গোচৰ।
সঞ্জীৱ ৰঞ্জন প্ৰসাদে দাবী কৰা মতে, তেওঁৰ পুত্ৰ শ্ৰেয় সাগৰ বৰ্তমান এয়াৰলাইনত কৰ্মৰত। শ্ৰেয়ৰ বিদেশত অধ্যয়নৰ নামত কোটি কোটি টকা খৰছ কৰিছিল সঞ্জীৱ ৰঞ্জন প্ৰসাদে। বেংকৰ পৰা ঋণ লৈও পুত্ৰক উচ্চ শিক্ষা প্ৰদান কৰোৱাই এক নিৰাপত্তাৰ জীৱন দিছে পিতৃ-মাতৃয়ে।

কিন্তু এতিয়া পুত্ৰ উচ্চ শিক্ষিত হোৱাৰ পিছতো তেওঁলোকে আৰ্থিক দৈন্যতাৰ সন্মুখীন হ’বলগীয়া হৈছে। সকলো সঞ্চয় পুত্ৰৰ নামত খৰছ কৰাৰ পিছত এতিয়া তীব্ৰ বিত্তীয় সংকটৰ সন্মুখীন হৈছে সঞ্জীৱ ৰঞ্জন আৰু তেওঁৰ পত্নী। সমান্তৰালভালে বুকু বিন্ধি যোৱা একাকীকত্বই তেওঁলোকৰ বাকী থকা জীৱনখিনি বিষণ্ণ কৰি তুলিছে।
২০১৬ চনত পুত্ৰ শ্ৰেয় সাগৰক পিতৃয়ে বিয়া পাতি দিছিল নয়ডাৰ বাসিন্দা শুভাংগী সিঙৰ সৈতে। দুয়ো বৰ্তমান পিতৃ-মাতৃৰ পৰা পৃথকে থাকি এক স্বচন্দ জীৱন যাপন কৰি আছে।
কিন্তু বিয়াৰ ৬ বছৰ অতিক্ৰম কৰাৰ পিছতে পুত্ৰ-বোৱাৰীয়ে সন্তান জন্ম দিব বিচৰা নাই। যাৰ বাবে এতিয়া ক্ষুব্ধ হৈ পৰিছে সঞ্জীৱ ৰঞ্জন প্ৰসাদ আৰু তেওঁৰ পত্নী। যাৰ বাবে এতিয়া তেওঁলোকে দাবী কৰিছে যে হয় পুত্ৰ-বোৱাৰীয়ে একাকীকত্ব দূৰ কৰাৰ বাবে সন্তান জন্ম দিয়ক, অন্যথা বিত্তীয় সংকটৰ পৰা মুক্ত কৰিবলৈ ৫ কোটি টকা প্ৰদান কৰক।

সঞ্জীৱ ৰঞ্জনৰ অধিবক্তাৰ মতে, এই ক্ষেত্ৰত গোচৰটোৰ সামাজিক বাস্তৱতা পোহৰলৈ আহিছে। পুত্ৰৰ প্ৰতি পিতৃ-মাতৃৰ দায়িত্ব থকাৰ দৰে, সময় আহিলে পুত্ৰই পিতৃ-মাতৃৰ যত্ন লোৱাৰ দায়িত্ব লোৱা উচিত।
অধিবক্তা অৰবিন্দ কুমাৰ শ্ৰীবাস্তৱে কয়, “এই গোচৰটোৱে সমাজৰ সত্যতাক সন্মুখলৈ আনিছে। আমি আমাৰ ল’ৰা-ছোৱালীৰ বাবে সকলো দিওঁ। যাতে সেইবোৰ জীৱনত প্ৰতিষ্ঠিত হ’ব পাৰে, তেওঁলোকে ভাল চাকৰি পায়। সন্তানেও তেওঁলোকৰ পিতৃ-মাতৃৰ যত্ন ল’ব লাগে।’’
সঞ্জীৱ ৰঞ্জন প্ৰসাদে এবছৰৰ ভিতৰত পুত্ৰ শ্ৰেয় সাগৰ আৰু বোৱাৰী শুভাংগীৰ পৰা সন্তান বিচাৰিছে, অন্যথা ৫ কোটি টকাৰ ক্ষতিপূৰণ প্ৰদান কৰিবলৈ কৈছে। বৰ্তমান আদালতত এই গোচৰ চলি আছে।
আনহাতে পুত্ৰ-বোৱাৰীৰ পৰা নাতি-নাতিনী অথবা ক্ষতিপূৰণ বিচাৰি এনেদৰে এগৰাকী পিতৃয়ে আদালতৰ দাৰস্থ হোৱাৰ ঘটনাই এতিয়া সমগ্ৰ দেশজুৰি চৰ্চা লাভ কৰিছে।
লগতে চাওকঃ
বিয়াৰ এসপ্তাহ নৌহওঁতেই শােকাৱহ দুৰ্ঘটনাত নৱ দম্পতীসহ ৭ জনৰ মৃত্যু
