নিউজ ডেস্কঃ অৰুণাচল প্ৰদেশৰ আপাৰ চিয়াং জিলাত সংঘটিত হেলিকপ্টাৰ দুৰ্ঘটনাত শ্বহীদ হ’ল ৫ জনকৈ বীৰ জোৱান।
শুকুৰবাৰে সংঘটিত হোৱা এই হেলিকপ্টাৰ দুৰ্ঘটনাই সমগ্ৰ দেশতে শোকৰ ছাঁ পেলাইছে।
এই দুৰ্ঘটনাতেই শ্বহীদ হ’ল ৰাজস্থানৰ এগৰাকী বীৰ পুত্ৰও।

ৰাজস্থানৰ উদয়পুৰ জিলাৰ খেৰোডাৰ নিৱাসী ভাৰতীয় সেনা বাহিনীৰ জোৱান মেজৰ মুস্তাফা জালিউদ্দিন বোহাৰাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু ঘটাৰ বাতৰি লাভৰ পিছতে কান্দোনত ভাগি পৰে পৰিয়াল।
শনিবাৰে জোৱানজনৰ নশ্বৰ দেহ স্বগৃহলৈ অনাৰ সম্ভাৱনা আছে।

জানিব পৰা মতে, যোৱা জানুৱাৰীত মুস্তাফাৰ এগৰাকী সম্পৰ্কীয় ভগ্নীৰ এংগেজমেণ্ট হৈ গৈছিল। সেই সময়তে ছুটীত ঘৰলৈ আহিছিল জোৱানগৰাকী।
নিজৰ ভগ্নী নহ’লেও এই বিয়াখনক লৈ যথেষ্ট উৎসাহী আছিল মুস্তাফা। এপ্ৰিলত হ’বলগীয়া বিয়াখনৰ বহু দায়িত্বই মূৰ পাতি লৈছিল জোৱানগৰাকীয়ে।

আনহাতে এপ্ৰিলত তেওঁ ছুটীত ঘৰলৈ অহাৰ সময়তে তেওঁৰ বিয়াৰো আলোচনা হোৱাৰ কথা আছিল।
কিন্তু তাৰ পূৰ্বেই এনেদৰে হেলিকপ্টাৰ দুৰ্ঘটনাত জোৱানজনৰ মৃত্যু ঘটাত শোকস্তব্ধ হৈ পৰিছে পৰিয়ালৰ লগতে গাঁওবাসী।