
নিউজ ডেস্ক। ভাৰতত গোপনে সক্ৰিয় হৈ আছে চীনা শ্লিপাৰ চেল!
শেহতীয়াকৈ ভাৰত-নেপাল সীমান্তত নিৰপত্তাৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হোৱা এজন চীনা চোৰাংচোৱাৰ স্বীকাৰোক্তিত পোহৰলৈ আহিছে এই বিস্ফোৰক তথ্য।
দুজন চীনা নাগৰিকক আশ্ৰয় দি অহা চীনা চোৰাংচোৱা চু ফীক গ্ৰেপ্তাৰ কৰাৰ পিছত চলোৱা জেৰাত পোহৰলৈ অহা মতে, বিহাৰৰ গ্ৰেটাৰ নয়ডাৰ ঘৰব্ৰা অঞ্চলৰ সীতামাৰীত অৱস্থিত এটা এপাৰ্টমেন্টত টিয়াংশ্বাং ৰংগিয়ান নামৰ পাব এটা চলাই তাত চীনা শ্লিপাৰ চেল প্ৰস্তুত কৰা হৈছিল।

ইয়াৰ পিছতে মঙলবাৰে নিশা আৰক্ষীয়ে এই পাবটোত অভিযান চলায়।
ইফালে আৰক্ষীৰ এই অভিযানৰ পূর্বাভাষ লাভ কৰি প্ৰায় ২০ জন বিদেশী যুৱক আৰু ১২ গৰাকী বিদেশী যুৱতীয়ে তাৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়। গেষ্ট হাউচটোত ৰান্ধনীৰ কাম কৰা অসম আৰু মণিপুৰৰ তিনিগৰাকী যুৱতীক থিতাতে আৰক্ষীয়ে আটক কৰিছে।
তেওঁলোকৰ জেৰাৰ সময়ত জানিব পৰা মতে বহু চীনা নাগৰিকে ইয়াত আহি থাকিছিল আৰু স্থানীয় পৰ্যায়ত নিজৰ বাবে শ্লিপাৰ চেল প্ৰস্তুত কৰিছিল।
সীমান্তত ধৰা পৰা দুয়োজন চীনা নাগৰিকেও কেইবাদিনো এই পাবত আশ্ৰয় লৈ আছিল। চীনা নাগৰিকে ব্যৱহাৰ কৰা ভাৰতীয় চিমৰ স্থান উলিয়াই এই কথা উদঙাই দিয়া হৈছে।
অট্টালিকাটোত অভিযান চলোৱাৰ সময়ত আৰক্ষীয়ে এটা মহলাত চলি থকা এটা পাব উদ্ধাৰ কৰে। ৰেষ্টুৰেণ্টখন এটা মহলাত চলি আছিল। বিদেশী নাগৰিকে থকা ভৱনটোত প্ৰায় ৫০টা কোঠা নিৰ্মাণ কৰা হৈছে।
আশ্চৰ্যজনকভাৱে এই বিল্ডিংটো মোবাইল ফোন নির্মাণকাৰী ভিভ’ কোম্পানীৰ অতিথিশালা হিচাপে ভাড়াত দিয়া হৈছিল, যাতে কাৰো কোনো সন্দেহ নহয়।
গ্ৰেটাৰ নয়ডাত সীমান্তত ধৰা পৰা দুজন চীনা নাগৰিকক আশ্ৰয় দি থকা অৱস্থাত উদ্ধাৰ হোৱা আৰু চোৰাংচোৱাগিৰিৰ সন্দেহত ধৰা পৰা চীনা নাগৰিক চু ফী নামৰ এজন চীনা নাগৰিকে মঙলবাৰে নিশা আৰক্ষীক কয় যে চীনা নাগৰিকৰ ঘাটিৰ বিষয়ে, ক’ৰ পৰা জাল নথি-পত্ৰ প্ৰস্তুত কৰিব লাগে, বিত্তীয় কামত লিপ্ত হ’ব লাগে আৰু স্লিপাৰ চেল প্ৰস্তুত কৰাৰ বাবে এটা ৰেকেট চলোৱা হৈছিল।
চোৰাংচোৱা জনে স্বীকাৰ কৰে যে এই সমগ্ৰ বিল্ডিংটো তেওঁৰ বন্ধু ৰবি কুমাৰ নাটৱৰ্লালে ভিভ’ কোম্পানীৰ গেষ্ট হাউচৰ নামত ভাড়াত লৈছে। বিল্ডিঙৰ কেয়াৰটেকাৰৰ কাম চোৱাচিতা কৰি আছিল অশোক নামৰ এজন ব্যক্তিয়ে। আৰক্ষীৰ অভিযানত এই আটাইকেইজন লোক সেই স্থানৰ পৰা পলায়ন কৰে।
সূত্ৰই দাবী কৰিছে যে আবকাৰী বিভাগৰ সহমতত এই পাবটো অবৈধভাৱে চলোৱা হৈছিল। ইয়ালৈ অহা মানুহক দিয়া হৈছিল দামী সুৰা আৰু অন্যান্য নিচাযুক্ত দ্ৰব্য। ইয়াৰ বাবে ৰখা হৈছিল বিদেশী যুৱতীও।
সেই স্থানৰ পৰা আটক কৰা যুৱতী সকলক সোধা-পোছাৰ সময়ত আৰক্ষীয়ে গম পাইছে যে পাবলৈ অহা সকলে প্ৰায়ে বহুতো ভিন্ন ধৰণৰ মেচিন ব্যৱহাৰ কৰিছিল আৰু সদায় লগত লৈ গৈছিল লেপটপ। সন্দেহ কৰা হৈছে যে তেওঁলোকে আগতে দেশৰ গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহ কৰিছিল।