
নিউজ ডেস্কঃ মঙলবাৰে অসমলৈ আহিছে এনডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু।
ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকীৰ অসম ভ্ৰমণক লৈ তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ। মঙলবাৰে তেওঁ বিমান বন্দৰত উপস্থিত হোৱাৰ পিছতে ঢোলে-দগৰে আদৰণি জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
উল্লেখ্য যে, দ্ৰৌপদী মুৰ্মুৰ এয়াই প্ৰথম অসম ভ্ৰমণ নহয়। ইয়াৰ পূৰ্বে অসমলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা মুৰ্মুৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি পাইছিল বিশ্বনাথৰ এগৰাকী মহিলাৰ।

বিশ্বনাথৰ পাভৈৰ নিৱাসী ৰুক্মিনী কিষাণ বৰকটকী নামৰ এই মহিলাগৰাকীয়ে দ্ৰৌপদী মুৰ্মুৰ সৈতে পাৰ কৰা মধুৰ সময়ৰ কথা সুঁৱৰি আজিও আৱেগিক হৈ পৰে।
২০০৬ চনত বিশ্বনাথ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছিল দ্ৰৌপদী মুৰ্মুৱে।
সেই সময়ত তেওঁ বিশ্বনাথৰ এখন হোটেলত থাকি ৭ দিন ধৰি নিৰ্বাচনী প্ৰচাৰ চলাইছিল। তেতিয়াই মুৰ্মুৰ সৈতে পৰিচয় ঘটিছিল ৰুক্মিনী কিষাণ বৰকটকীৰ।

মহিলাগৰাকীয়ে এতিয়াৰ এনডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকীৰ সান্নিধ্যৰ কথা সুঁৱৰি কয় যে ২০০৬ চনত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহাৰ সময়ত দ্ৰৌপদী মুৰ্মুৱে ৰুক্মিনী কিষাণ বৰকটকীৰ ঘৰলৈও গৈছিল আৰু চাহ খাইছিল।
আনহাতে সেই সময়তে মুৰ্মুৱে তেওঁক উপহাৰ দিয়া এখন শাৰী আজিও সযতনে সাচি ৰখা বুলি মন্তব্য কৰে ৰুক্মিনীয়ে।
তদুপৰি ২০০৬ চনত আটছাৰ নেতা হৈ থকা পল্লৱ লোচন দাসক দ্ৰৌপদী মুৰ্মুৰ সৈতে ৰুক্মিনীয়েই প্ৰথম চিনাকি কৰাই দিছিল বুলি কয় মহিলাগৰাকীয়ে। মুৰ্মুৰ সৈতে সাতদিনীয়া সান্নিধ্যৰ অনেক স্মৃতি এতিয়াও সাচি ৰাখিছে ৰুক্মিনীয়ে।

তেওঁ লগতে জনোৱা মতে, মুৰ্মু ৰাজ্যপাল হৈ থকা সময়তো তেওঁলোকে মাজে মাজে ফোনত কথা পাতিছিল। কিন্তু পিছত ৰুক্মিনী কিষাণ বৰকটকীয়ে নিজৰ মোবাইলটো হেৰুৱাই পেলোৱাত মুৰ্মুৰ সৈতে সংযোগ নোহোৱা হৈ পৰে।
এতিয়া দ্ৰৌপদী মুৰ্মু এনডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে ঘোষিত হোৱাৰ পিছতে উৎফুল্লিত হৈ পৰিছে ৰুক্মিনী।
তদুপৰি মুৰ্মুৰ অসম ভ্ৰমণৰ কথা শুনি পুনৰ এবাৰ ওচৰৰ পৰা লগ পোৱাৰ আগ্ৰহ ব্যক্ত কৰিছে বিশ্বনাথৰ পাভৈৰ মহিলাগৰাকীয়ে।
লগতে চাওকঃ
সুদূৰ ছুইডেনৰ পৰা আহি নলবাৰীৰ বোৱাৰী হ’ল এলিভিয়া, আয়তীৰ উৰুলিৰে মুখৰিত গোৱৰাদল
